Breaking

চানমাৰীস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত মাংগলিক কাৰ্যৰ মাজেদি বিহুৰ লাইখুঁটা স্থাপন

0 41

পূৱ গুৱাহাটী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন। দেওবাৰে দিনৰ ১১বজাত চানমাৰীস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এক মাংগলিক কাৰ্যৰ মাজেদি বিহুৰ লাইখুঁটা স্থাপন কৰা হয়। বিহুৰ লাইখুঁটা স্থাপন কৰে পূৱ গুৱাহাটী বিহু সন্মিলনৰ উপদেষ্টা তথা আজীৱন সভ্য মৃদুল বেজবৰাই। লাইখুঁটা স্থাপনৰ জৰিয়তে সমাৰোহৰ শুভাৰম্ভণি কৰে উপদেষ্টা মৃদুল বেজবৰাই। অহা ১এপ্ৰিল তাৰিখে বিয়লি ৪বজাত শুভাৰম্ভণি কৰা হ’ব পূৱ গুৱাহাটী বিহু সন্মিলনৰ বিহু কৰ্মশালা। ১৪এপ্ৰিলৰ পৰা ১৭এপ্ৰিললৈ চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে এই চাৰিদিনীয়া কাৰ্যসূচীৰে পূৱ গুৱাহাটী বিহু সন্মিলনে অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰিছে ৬১সংখ্যক বিহু সমাৰোহ। ১৪এপ্ৰিলৰ দিনা পুৱা ৯.৩০বজাত বিহুৰ পতাকা উত্তোলন কৰিব বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে।

Leave A Reply