চানমাৰীৰ ‘কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ উপস্থিত থাকে স্থানীয় বিধায়ক দিপ্লুৰঞ্জন শৰ্মা

দেওবাৰে গুৱাহাটীৰ চানমাৰী কৃষ্ণনগৰস্থিত ‘কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ উদ্যোগত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়৷

সভাত সভাপতিত্ব কৰে অঞ্চলটোৰ বিশিষ্ট শিক্ষক যতীন দাসে৷ সংঘৰ ফালৰ পৰা জয়ন্ত গোস্বামীয়ে আদৰণি ভাষণত কয়- ছাত্ৰ-ছাত্ৰীক কৃতিত্বৰ মাপকাঠিত নাৰাখি কেৱল মাত্ৰ উত্তীৰ্ণৰ হিচাপতেই উৎসাহ যোগোৱাৰ অৰ্থেই সম্বৰ্ধনা অনুষ্ঠানটি কৃষ্ণনগৰ কৃষ্টি বিকাশ কেন্দ্ৰই বহু বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে৷ সভাত মুখ্য বক্তাৰূপে উপস্থিত থাকে গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দিব্যৰঞ্জন খাটনিয়াৰ৷

সভাৰ মুখ্য অতিথি ৰূপে উপস্থিত থাকে স্থানীয় বিধায়ক দিপ্লুৰঞ্জন শৰ্মা৷ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান গোৱালপাৰাৰ প্ৰাক্তন সাহিত্যিক তথা সুলেখক মুকুট শৰ্মা বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে৷ সভাপতিৰ আসন গ্ৰহণৰ পিছতে বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাখনিৰ সৌষ্ঠৱ বঢ়ায় হেপি চাইল্ড স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰক্তিম খাটনিয়াৰে৷ তেওঁৰ বক্তব্যত কয় যে অসমত পঢ়াৰ বিকাশ একো নাই৷ দ্বিতীয়তে যিদৰে মানুহে সাহিত্যৰ সোৱাদ ল’বলৈ মাতৃভাষা জানিব লাগিব৷ ঠিক তেনেদৰে যুগৰ লগত আত্মবিশ্বাসেৰে থিয় হ’বলৈ ইংৰাজী ভাষাৰ জ্ঞান লাগিব৷ স্থানীয় বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই কয় যে ভাৰতৰ আটাইতকৈ ডাঙৰ সম্পদ হ’ল মানৱ সম্পদ৷

তেওঁ আব্দুল কালামৰ ভাষাৰেই কয় যে ‘সপোন সেইটো দেখা যিয়ে তোমাক শুৱলৈ নিদিয়ে৷’ মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যই ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণভাৱে থাকি বৃহৎ সম্ভাৱনাৰ জন্ম দিব পৰা সমৰ্থবান হ’বলৈ উদ্‌গনি যোগায়৷ মুকটি শৰ্মাই মহাকবি কালিদাসৰ উদাহৰণ দি ছাত্ৰ-ছাত্ৰীসকলক কয় যে কষ্ট একাগ্ৰতা আৰু অবিৰত চেষ্টা থাকিলে তেওঁলোক নি(য় সফল হ’ব পাৰিব৷ সৰ্বমুঠ ২৭গৰাকী ছাত্ৰ-ছাত্ৰীক একোটি কিতাপৰ টোপোলা, একোখনি ফুলাম গামোচা, এখন অভিনন্দন পত্ৰ আৰু ‘কৃষ্টি বিকাশ কেন্দ্ৰ’ৰ বছৰেকীয়া আলোচনী ‘প্ৰত্যুষ’ দিয়া হয়৷ লগতে উপস্থিত সকলোৰে মাজত লঘু আহাৰ বিতৰণ কৰা হয়৷ সভাৰ আঁত ধৰে ৰুমী কলিতাই৷ জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে৷

Related Articles