চৰকাৰৰ অনুমতি অবিহনেই আৰম্ভ কৰিব পাৰিব ক্ষুদ্ৰ উদ্যোগ

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক৷ কেবিনেট বৈঠকত কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰে৷ মুখ্যমন্ত্ৰী শৰ্মাই কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মেলত সদৰী কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসম আৰক্ষীৰ ১১২ নম্বৰ সেৱাৰ আধুনিকীকৰণ কৰা হ’ব৷

ইয়াৰ বাবে ৯৭.৯০ কোটি কেবিনেটে আবণ্টন দিয়ে৷ ইয়াৰ বাবে দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত নিয়ন্ত্ৰণকক্ষ স্থাপন কৰা হ’ব৷ ইয়াৰ বাবে ২০০খন আৰক্ষীৰ ভেন ব্যৱহাৰ হ’ব৷ ইয়াত ৰ হাজাৰজন চালক আৰু ২০০গৰাকী যুৱক-যুৱতী নিযোজিত হ’ব৷ ২৪ ঘণ্টাই উপলব্ধ হ’ব এই বিশেষ আৰক্ষী সেৱা৷ জিআইএছচালিত ভ্ৰাম্যমাণ বাহনেৰে নিয়ন্ত্ৰণ হ’ব সেৱা৷ প্ৰয়োজন সাপেক্ষে এম্বুলেঞ্চৰো ব্যৱস্থা কৰিব আৰক্ষীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে বিধানসভাৰ অধিৱেশনৰ স’তে সংগতি ৰাখি কেইবাখনো আইনৰ ওপৰত আলোচনা কৰা হয়৷

অসম টুৰিজিম ডেফলমেণ্ট এণ্ড ৰেজিষ্টেচন সংশোধনী বিধেয়ক বিধানসভাত উত্থাপন হ’ব৷ ইয়াৰে জৰিয়তে হোটেল, হোমষ্টে পঞ্জীয়ন কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিশ্বনাথ চাৰিআলিত স্থাপন হ’ব এটা বৃহৎ মি{¨ প্ৰছেছিং ইউনিট৷ ইয়াৰ বাবে আমূলক ৩৩ বিঘা ভূমি আবণ্টন দিয়া হ’ব৷ চুবুৰীয়া ৰাজ্যৰ পৰা অহা শিল-বালিয়ে এতিয়া অসমত দিব লাগিব কৰ৷ ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে কৰা হ’ব আইনৰ সংশোধন৷ এতিয়াৰে পৰা চৰকাৰৰ অনুমতি অবিহনে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব পাৰিব৷ ৩ বছৰলৈ কোনো ক্ষুদ্ৰ উদ্যোগ পঞ্জীয়ন নকৰিলেও চলাব পাৰিব উদ্যোগটো৷

মাথোঁ আবেদন কৰিলে উদ্যোগ আৰম্ভ কৰিব পাৰিব৷ ইফালে পূৰ্বে বিভিন্ন বিভাগৰ পৰা অনুমতি ল’বলগীয়া আছিল উদ্যোগ ক্ষেত্ৰত৷ এতিয়াৰ পৰা মাথোঁ বাণিজ্য বিভাগৰ পৰা অনুমতি ল’লে আৰম্ভ কৰিব পাৰিব৷ চৰকাৰী ৰঙা সূতাৰ মেৰপেঁচ আঁতৰাবলৈ ৰাজ্য চৰকাৰে অসম জনবিশ্বাস বিধেয়কত অনুমোদন জনাইছে৷ অগৰ ব্যৱসায়ক শৃংখলিত কৰা বাবে এখন কেবিনেট কমিটী গঠন কৰা হ’ব৷ মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক লৈ এই কমিটী গঠন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

Related Articles