ডাৱৰ বিস্ফোৰণ, পাহাৰ খনন আদিকে ধৰি কেইবাটাও কাৰকৰ বাবে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট জিলাৰ বিস্তৃত্ব অঞ্চলৰ ৰাইজ ক্ষতিগ্ৰস্ত হোৱাত অসম সাহিত্য সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ জিলা কেইখনৰ জনসাধাৰণৰ অবৰ্ণনীয় অৱস্থাৰ বাবে যোৱা কেইদিনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ বহু অঞ্চলত খোৱাপানীকে ধৰি খাদ্য সামগ্ৰীৰ অভাৱৰ বাবে অনাহাৰে অনীদ্ৰাই জীৱন কটাব লগা হৈছে৷
চিকিৎসা সেৱা, পশুধনৰ সমস্যা আদিয়ে জিলা কেইখনৰ জীৱন যাত্ৰাত ব্যাহত হৈ পৰিছে৷ আজি অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধানসম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত এটি প্ৰতিনিধি দলে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰজাপুল, দুৱৰা গাঁও, নাজিৰা, গড়মূৰ, সোণাৰি, শিমলুগুৰি, চৰাইদেউ, লাকুৱা আদি বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে-সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধানসম্পাদক দেৱজিৎ বৰাই বন্যাৰ্ত লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ দুখৰ সমভাগী হয় আৰু বানপীড়িত লোকৰ মাজত খোৱাপানীৰ বটল, অ’ আৰ এছ, বিস্কুট, চিৰা-মুৰি আদি খাদ্যবস্তু, চাবোন, ঔষধ, মহ খেদোৱা ধূপ, মম, দিয়াচলাই আদি সামগ্ৰীৰ সাহায্য বিতৰণ কৰে৷ ইয়াৰ পাছতেই প্ৰতিনিধি দলটোৱে প্ৰলয়ংকাৰী বানত মৃত্যুবৰণ কৰা শিৱসাগৰ জিলাৰ গড়মূৰ অভয়পৰীয়া গাঁৱৰ ৰোহিনী দুৱৰাৰ পৰিয়ালক সাক্ষাৎ কৰি তেখেতৰ দুই পুত্ৰ ক্ৰমে বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰা, জীয়ৰী বিদিশা দুৱৰা আৰু পত্নী টুটুমণি দুৱৰাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি সমবেদনা জ্ঞাপন কৰে৷ অসম সাহিত্য সভাই ৰোহিনী দুৱৰাৰ এই দুৰ্ভগীয়া পৰিয়ালটোক সংস্থাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় আৰু বানপানীত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ সভাই আহ্বান জনায়৷
ইফালে কালি অসম সাহিত্য সভাৰ সভাপতি ড॰ বসন্তকুমাৰ গোস্বামী, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড॰ জ্যোতিৰেখা হাজৰিকাৰ নেতৃত্বত যোৱা এটি দলে যোৰহাট আৰু গোলাঘাট জিলাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বান সাহায্য বিতৰণ কৰে৷ আজি এই সাহায্য বিতৰণ কাৰ্য্যসূচীত অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালায়ৰ সাংগঠনিক সম্পাদক সুনীল গুৰুং, সাংস্কৃতিক উপসমিতিৰ উপসভাপতি ড॰ ছবি গগৈ, যুৱ সংসদ উপসমিতিৰি আহ্বায়ক গৌতম গগৈ, দুলীয়াজান অধিৱেশনৰ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন গগৈ, লোক পৰিৱেশ্য কলা উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, বিত্ত উপসমিতিৰ উপসভাপতি পৰাগ কুমাৰ বৰুৱা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, জাতীয়তাবাদী মহিলা পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰ’জলীন গগৈ, আদৰণী সমিতিৰ সম্পাদক মৃদুল দিহিঙ্গীয়া, আদৰণী সমিতিৰ সামাজিক মাধ্যম উপসমিতিৰ উপসভাপতি সুৰজিৎ গগৈ, সভাৰ কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, জাতীয়তাবাদী যুৱ পৰিষদ, গোলাঘাট জিলা সমিতিৰ সভাপতি অভিজিৎ দাস, জাতীয়তাবাদী যুৱ পৰিষদ, গোলাঘাট জিলা সমিতিৰ সম্পাদক পাৰ্থ প্ৰতিম গগৈ, জাতীয়তাবাদী যুৱ পৰিষদ, ধেমাজি জিলা সমিতিৰ সভাপতি আৰু সম্পাদক, ‘ৱৰিছ’ স্বেচ্ছাসেৱী অনুষ্ঠান, ডিব্ৰুগড় জিলা সমিতিৰ সভানেত্ৰী ইলুমণি দত্ত, ‘ৱৰিছ’ স্বেচ্ছাসেৱী অনুষ্ঠানৰ বিষয়ববীয়া আৰু সদস্যাসকল ৰেনুমাই চেতিয়া, নিবেদিতা কোঁৱৰ, মঞ্জু গগৈ, ‘ৱৰিছ’ স্বেচ্ছাসেৱী অনুষ্ঠান, ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদিকা কল্পনা চাংমাই, ৰহমৰীয়া বিবেকানন্দ কেন্দ্ৰৰ অধ্যক্ষ অনুপ গগৈ, ৰহমৰীয়া বিবেকানন্দ কেন্দ্ৰৰ বিষয়ববীয়া মিণ্টু গগৈৰ লগতে অসম সাহিত্য সভা দুলীয়াজান অধিৱেশনৰ আদৰণী সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু জাতীয়তাবাদী মহিলা পৰিষদৰ কেইবাগৰাকী সদস্য-সদস্যাই অংশ লয়৷

