উজনিৰ বান পৰিস্থিতিক লৈ ৰাজ্যিক কেবিনেটত বিতং আলোচনা।
আলোচনাৰ অন্তত সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে কয় –
‘চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানাক্ৰান্তক প্ৰদান কৰিব Family Kit’।
‘বন্যাৰ্তক ব্যৱহৃত কাপোৰ নিদি, নতুন কাপোৰ দি সহায় কৰক’।
‘বেবী ফুড, ফেনাইল, মহিলা সকলৰ বাবে চাদৰ-মেখেলা প্ৰদানেৰে বন্যাৰ্তক সহায় কৰক’।
এই আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
আনহাতে ৩ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’ব অৰুণোদয়ৰ সকলো কাম।
প্ৰত্যেক সমষ্টিৰ বাবে একোজনকৈ অৰুণোদয় সাৰথি নিযুক্তি দিব ৰাজ্য চৰকাৰে।
ব্লক, SDC, DCৰ কাৰ্যালয়ত ৰাইজৰ সহায়ৰ বাবে উপস্থিত থাকিব অৰুণোদয় সাৰথি।

