Breaking

জাতীয়তাবাদৰ বজ্ৰকণ্ঠ প্ৰণৱজিৎ চলিহাৰ দেহাৱসান; কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য

0 81

জাতীয়তাবাদৰ এক বজ্ৰকণ্ঠ, মাধ্যম আন্দোলন, ভাষা আন্দোলন আৰু ঐতিহাসিক অসম আন্দোলনৰ শীৰ্ষতম নেতা সিংহপুৰুষ প্ৰনৱজিৎ চলিহা ওৰফে ৰমু চলিহা আৰু নাই। বুধবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেশ কপোৱা তিনিটাকৈ গন আন্দোলনত সমুখৰ পৰা নেতৃত্ব দিয়া আপোচহীন প্ৰাক্তন ছাত্ৰ নেতা প্ৰনৱজিৎ চলিহা ওৰফে ৰমু চলিহাই ৭৩ বছৰত ইহলীলা সম্বৰণ কৰে।

উল্লেখ্য যে, বিগত এমাহ ধৰি হাওঁফাওঁৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা সংগ্ৰামী নেতাগৰাকীক যোৱা ১ ছেপ্টেম্বৰত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল। যোৱা ১ ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত তেখেতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত মৃত্যুৰ সৈতে যুজ দি নিয়তিৰ হাতত হাৰ মানিলে।

চলিহাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই তেখেতৰ সহধৰ্মিনী ৰাকাজ্যোতি চলিহা, বৰজী কাৰ্বি চলিহা আৰু পুত্ৰ শৃংখল চলিহা কান্দোনত ভাগি পৰে। চলিহাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত অসম চিকিৎসা মহাবিদ্যালয়ত অগনন গুণমুগ্ধৰ সমাগম হয়।

জাতীয় স‌্বাৰ্থ বিঘ্নিত হোৱা দেখিলেই সিংহৰ দৰে গৰজি উঠা এইগৰাকী আপোচহীন সংগ্ৰামী নেতাই বিভিন্ন আন্দোলনত শক্তিশালী ৰূপত জপিয়াই পৰি দেশৰ বিভিন্ন কাৰাগাৰত ১২৭ বাৰকৈ সুদীৰ্ঘ সময় বন্দীত্বৰ জীৱন কটাইছিল। পৰৱৰ্তী সময়ত তেখেতে নিজাববীয়াকৈ “জাতীয় ঐক্য মঞ্চ” গঠন কৰি দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ বিধান সভা সমস্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল।

তৃতীয়বাৰৰ বাবে চলিহাই অ গ প দলৰ পৰা এই সমস্টিত প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰনৱ গগৈৰ হাতত পৰাজিত হবলগাত পৰিছিল। আজি মৃত্যুবৰণ কৰা প্ৰনৱজিৎ চলিহাৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ নগৰৰ ফুকন নগৰৰ বাসভৱনলৈ অনা হয়। জনপ্ৰিয় জাতীয়তাবাদী নেতা গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই অগনন গুণমুগ্ধ, বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল আৰু সংগঠনৰ নেতৃবৰ্গ চলিহাৰ বাসভৱনত উপস্থিত হৈ সংগ্ৰামী জননেতা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অসমীয়া জাতীয়তাবাদৰ এক ট্ৰেজিক চৰিত্ৰ প্ৰনৱজিৎ চলিহা ৰমু চলিহা নামেৰে সকলোৰে মাজত জনপ্ৰিয় আছিল। অসহায় জনৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে প্ৰাচীৰৰ দৰে হাজাৰজনৰ মুখত হাহি বিৰিঙাবলৈ সক্ষম হোৱা প্ৰনৱজিৎ চলিহাৰ দৰে আপোচহীন দুৰ্জেয় সাহসী যোদ্ধাক ২০২৩ বৰ্ষৰ ২৬ জানুৱাৰীত উজনি অসম মুছলিম কল্যাণ পৰিষদে প্ৰদান কৰিছিল “সিংহপুৰুষ” উপাধি। ৰমু চলিহাৰ গৰ্জনত অসমীয়া জাতিক অপমান কৰা বনিয়া বহিৰাগত গোস্ঠীৰ বুকুৰ কপনি উঠিছিল।

এই গৰাকী ছাত্ৰ নেতাই ৭০ দশকত শিৱসাগৰ ভ্ৰমণলৈ অহা কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীক বৰ্ডিং খেলপথাৰত ভাষণ দি থকা অৱস্থাত মাইক্ৰফন দলিয়াই অদম্য সাহসৰ পৰিচয় দিছিল। জাতিৰ বাবে সৰ্বচ্ছ ত্যাগ কৰিব পৰা এই গৰাকী প্ৰাক্তন ছাত্ৰ নেতাই ১৯৭৮ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ অধিবেশনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আনকি ভৃগু কুমাৰ ফুকনক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত কৰাত অগ্ৰণী ভূমিকা লৈছিল এইগৰাকী ৰমু চলিহাই।

যোৱা ১০ ছেপ্টেম্বৰত চলিহাৰ স্বাস্থ্যৰ খবৰ লবলৈ যোৱা অসম আন্দোলনৰ আগশাৰীৰ নেতা অধিবক্তা নেকিবুৰ জামানক আই চি ইউত দেখি কিছু সময় চকু মেলি চাই” নেকিব ত্ই আহিলি” বুলি কোৱা কথাষাৰেই আছিল তেখেতৰ কন্ঠৰ শেষ বাক্য। তাৰ পাছতেই চলিহাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। ৰমু চলিহা নামৰ সাহসী যোদ্ধাজনে ৭০-৮০ দশকত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ নিৰ্দ্ৰাহৰন কৰাৰ উপৰিও ৯০ দশকত অসমত সমান্তৰাল চৰকাৰ চলোৱা আলফাৰ দৰে সংগঠনৰ কিছু আদৰ্শ গত অমিল আৰু মতানৈক্য হোৱাৰ বাবে সশস্ত্ৰ সংগঠন আলফকো মুকলি প্ৰত্যাহ্বান জনাইছিল।

আলফাই মৃত্যুৰ ভাবুকি দিয়াৰ পাছতো মৃত্যুলৈ তিলমাত্ৰ্ও ভয় নকৰি ” মৃত্যুৰ আগদিনালৈকে অসমীয়া সৈনিকৰ পোচাক পিন্ধিয়েই মৰিম” বুলি আলফাক পুনৰ প্ৰত্যাহ্বান জনোৱা প্ৰনৱজিৎ চলিহাৰ সৈতে পৰৱৰ্তী সময়ত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বুজাবুজি কৰিবলৈ বাধ্য হৈছিল। প্ৰখ্যাত চলিহা পৰিয়ালৰ বংশধৰ বিদ্যাধৰ চলিহা আৰু পুতলা চলিহাৰ দ্বিতীয় পুত্ৰ প্ৰনৱজিৎ চলিহাই নগাঁওৰ নুৰুদ্দিন মুক্তাৱ মাদ্ৰাছাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।

শ্বিলঙৰ ডনবস্কত কিছুদিন শিক্ষা গ্ৰহণ কৰাৰ পাছত শিৱসাগৰলৈ আহি বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ সমান্তৰাল ভাৱে প্ৰনৱজিৎ চলিহাই ৰাজ্যৰ ক্ৰীড়া জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল। দিখৌপৰীয়া ক্লাবৰ হৈ ভলীবল আৰু টাউন ক্লাবৰ হৈ ফুটবল খেলত অংশগ্ৰহণ কৰা ৰমু চলিহাই পৰৱৰ্তী সময়ত ভলীবল আৰু ফুটবলত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল যদিও দীৰ্ঘ দিন তেখেত ক্ৰীড়া পেঞ্চনৰ পৰা বঞ্চিত হৈ আছিল।

ক্ৰীড়া জগতত পাৰদৰ্শিতা অৰ্জন কৰা প্ৰনৱজিৎ চলিহাৰ নেতৃত্বতে নগৰৰ টেঙানী বিলত গঢ়ি উঠিছিল পিয়লি ফুকন ষ্টেডিয়াম। আজি চলিহাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্রী ইমৰান শ্বাহে। বিশিষ্ট সাহিত্যিক গৰাকীয়ে চলিহা অসমীয়াৰ স্বাভিমানৰ এক প্রতীক আছিল বুলি উল্লেখ কৰে। বিশিষ্ট ক্ৰীড়া সংগঠক ৰমু চলিহাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। আজি মৃত্যুৰ খবৰ লাভ কৰিয়ে চলিহাৰ অন্তৰংগ বন্ধু, অ গ প আমোলৰ প্ৰথমখন চৰকাৰৰ শ্ৰম মন্ত্ৰী বাৰ্কী প্ৰসাদ তেলেংগাই চলিহাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। চলিহা অত্যন্ত সাহসী আছিল বুলি অভিহিত কৰি তেলেংগাই শোক সন্তপ্ত পৰিয়ালৰ দুখৰ সমভাগী হৈছে।

চলিহাৰ নশ্বৰদেহ ফুকন নগৰস্থিত বাসগৃহলৈ অনাৰ পাছতে অগনণ লোকে অসমীয়াৰ গৌৰৱ নেতাগৰাকীৰ অন্তিম স্মৃতি পাবৰ বাবে সমাগম কৰে।আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ,চিপিআই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ,শিৱসাগৰ ক্ৰীড়া সন্থাৰ পোনাৰাম মিলি,অসম উন্নতি সভাৰ সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধক্ষ্য ড০ সৌমাৰজ্যোতি মহন্ত,সাংস্কৃতিক মহাসভাৰ ত্ৰৈলোক্য দত্ত, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাঁও কলেজৰ অধ্যক্ষ ড০ সৱ্যসাচী মহন্ত,সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমীৰণ ফুকন, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ প্ৰেছ ক্লাৱ, লক্ষ্য, সামাজিক অনুষ্ঠান খোজ,শিৱসাগৰ নাট্য সমাজ,শিৱসাগৰৰ সমূহ ব্যৱসায়ী সংস্থা,শিৱসাগৰ জিলা ছাত্র সন্থা, আটাছু,শিৱসাগৰ ই-মিডিয়া সংস্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ,বীৰ লাচিত সেনা,অসমীয়া যুৱ মঞ্চ, শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদ,ঐক্য সেনা অসম,কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলী শিৱসাগৰ, সংগ্ৰামী সেনা,বাৰ্তাজীৱি সংঘ,জিলা সাহিত্য সভা,সহপাঠী ৯০,সোণালী দিনৰ সোঁৱৰণ ৯৩,অসম ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক বিকাশ বৰুৱা আদিকে কৰি বহু দল-সংগঠন-অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই।আনহাতে কাইলৈ পুৱা ৯ বজাত ফুকন নগৰৰ বাসগৃহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে স্থানীয় ফুকন নগৰ শ্মশাসনত প্ৰয়াত প্ৰণৱজিৎ চলিহাৰ অন্তিম সংস্কাৰ সম্পন্ন হ’ব।

উল্লেখযোগ্য যে অসম-অসমীয়াৰ গৌৰৱ প্ৰণৱজিৎ চলিহা ওৰফে ৰমুৰ মৃত্যুত শিৱসাগৰৰ সমূহ ব্যৱসায়ী সংস্থাই পুৱা ৯ বজাৰ পৰা ১২ বজালৈ তিনি ঘণ্টাৰ বাবে শিৱসাগৰ নগৰৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave A Reply