শতাধিক মাটিৰ চাকিৰ পোহৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত জোনাকী মেলঃ বিজ্ঞানৰ উত্থানে পৰম্পৰাক কাঢ়ি নিব নোৱাৰেঃ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰা

শতাধিক মাটিৰ চাকিৰ পোহৰত, মুকলি আকাশৰ তলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে আয়োজন কৰে জোনাকী মেল৷ বিভাগটোৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাই ৷ যোৱা শনিবাৰে, নিশা ৮ বজাত সামৰণি পৰা অনুষ্ঠানটি উদ্বোধন কৰি বৰমেলুৱৈ আসনৰ পৰা উপাচাৰ্য বৰাই কয়, “এটা জাতিক শক্তিশালী কৰি ৰাখিবলৈ এনে অনুষ্ঠান অতি দৰকাৰী৷ বিজ্ঞানৰ উত্থানেও আমাৰ পৰা পৰম্পৰা কঢ়ি নিব নোৱাৰে ৷

এনে অনুষ্ঠানে শৈশৱৰ মধুৰ স্মৃতি ৰোমন্থনৰ সুযোগ দিয়ে৷ প্ৰযুক্তি আগবাঢ়িলেও পৰম্পৰা ৰক্ষা কৰি চলিবই লাগিব৷” অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অভিনেতা জ্যোতি গগন বৰবৰা আৰু নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে উস্তাদ বিচমিল্লা খাঁ যুৱ বঁটা প্ৰাপক নগাঁৱৰ সন্তান বিদ্যুত কুমাৰ নাথ৷শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত গীত-নৃত্য -অভিনয়-কথা-সংগীতালখ্যৰে জীপাল কৰি তোল বিশ্ববিদ্যালয়খনৰ বাকৰি৷বিভাগীয় মুৰব্বী ড° ছাহিন জাফ্ৰিয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত অধ্যাপক ড° শ্যামলী দলৈ, ড° শিখামণি শৰ্মা, প্ৰিয়ংকা ভাগৱতী, বিশ্ববিদ্যালয়খনৰ সহকাৰী জনসম্পৰ্কৰক্ষী বিষয়া গৌৰী প্ৰসাদ শৰ্মা, বাণিজ্য বিভাগৰ অধ্যাপক ৰিপুঞ্জয় গোস্বামীকে আদি কৰি শিক্ষাৰ্থী, গৱেষক, বিষয়াবৰ্গ উপস্থিত থাকে ৷ ছাত্ৰী আকাংক্ষা বৰুৱা আৰু মনশ্ৰী গোস্বামীয়ে অনুষ্ঠানটো আঁতধৰে।

Related Articles