অসম ৰাজ্যিক পিকলবল ট্রায়েলছ ২০২৬: ৰাষ্ট্ৰীয় পৰ্যায়ৰ যাত্ৰাৰ আৰম্ভণি

নিজৰ ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি খেলপথাৰত নমাৰ অনুভূতি সদায় সুকীয়া। তাৰ লগত সাঙোৰ খাই থাকে এক অনন্য আত্মগৌৰৱ, কান্ধত থাকে এক গভীৰ দায়িত্ব আৰু খেলৰ প্ৰতিটো পইণ্টৰ মূল্যও হৈ পৰে অপৰিসীম। ইণ্ডিয়ান পিকলবল এছ’চিয়েশ্যনৰ ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে আয়োজিত অসম ৰাজ্যিক বাছনি ট্রায়েলছত স্পষ্ট ৰূপত ধৰা দিয়ে খেলুৱৈসকলৰ এই বিশেষ উদ্যম। গুৱাহাটীৰ নৱনিৰ্মিত বহু-ক্ৰীড়া প্ৰকল্প ‘ষ্ট্ৰাইড এৰিনা’ত যোৱা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত অনুষ্ঠিত হয় এই বাছনি প্ৰতিযোগিতা।

উল্লেখ্য যে, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (এছএআই)ৰ অধীনস্থ ইণ্ডিয়ান পিকলবল এছ’চিয়েশ্যনে (আইপিএ) এই ট্রায়েলছৰ অনুমোদন জনোৱাৰ লগতে প্ৰতিযোগিতাখনক ‘পি ডব্লিউ আৰ ৪০০’ পৰ্যায়ৰ ইভেণ্ট হিচাপে স্বীকৃতি প্ৰদান কৰে।

অসম পিকলবল এছ’চিয়েশ্যনৰ (এপিএ) উদ্যোগত আৰু কাজিৰঙা প্ৰ’ স্প’ৰ্টছ নেটৱৰ্কৰ (কেপিএছএন) সহযোগত আয়োজিত এই দুদিনীয়া প্ৰতিযোগিতাত ফিজিঅ’থেৰাপী অংশীদাৰ হিচাপে প্ৰ’হেল্থ (ফিজিকেল থেৰাপী এণ্ড ৰিহেবিলিটেচন ক্লিনিক) আৰু উপহাৰ অংশীদাৰ হিচাপে সহযোগিতা আগবঢ়ায় প্লেঅ’ই। ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অসমৰ নামত খেলাৰ সুযোগ অৰ্জনৰ লক্ষ্য লৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ যোগ্য খেলুৱৈসকলেও এই প্ৰতিদ্বন্দ্বিতাত অংশ লয়।

ইফালে, ৰাষ্ট্ৰীয় দলৰ সীমিত কেইটামান স্থান দখলৰ লক্ষ্য লৈ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰৰ ভিন্ন বয়সৰ পুৰুষ-মহিলা খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিটো পইণ্টৰ বাবেই খেলপথাৰত গঢ় লৈ উঠে তীব্ৰ যুঁজ আৰু জয়-পৰাজয়ৰ ব্যৱধানো থাকে তেনেই সামান্য। এজন খেলুৱৈৰ ব্যক্তিগত লক্ষ্যক ক্ৰীড়াই কেনেদৰে এখন ৰাজ্যৰ সামূহিক গৌৰৱলৈ ৰূপান্তৰ কৰিব পাৰে, তাৰেই স্পষ্ট প্ৰমাণ দাঙি ধৰে এই অনুষ্ঠানে। অংশগ্ৰহণকাৰী খেলুৱৈসকলৰ দৃষ্টিত এই প্ৰতিযোগিতা কেৱল পদক জয়তে আৱদ্ধ নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰাৰ এক সন্মানীয় সুযোগলৈ ৰূপান্তৰিত হয়।


বিজয়ীসকলৰ তালিকা
বিভিন্ন শাখাত সোণৰ পদক লাভ কৰা খেলুৱৈসকল হ’লঃ
১৪ বছৰ অনুৰ্ধ ল’ৰাৰ একক: নীৰ আৰোহন মেধি অ’পেন পুৰুষ একক: পাৰ্থ প্ৰতিম দত্ত
পুৰুষ ৩০+ একক: বিনায়ক ঠাকুৰ পুৰুষ ৪০+ একক: দীপাঞ্জন দেৱ
পুৰুষ ৫০+ একক: আশিষ জৈন পুৰুষ ৬০+ একক: ভেংকটাচলম গোপালন
মহিলা ৩০+ একক: মনস্বিনী হাজৰিকা মহিলা ৪০+ একক: নাজনীন ৰহমান
অ’পেন পুৰুষ ডাবলছ: হৰ্ষ বাগোৰদিয়া / কাব্য বাগোৰদিয়া পুৰুষ ৩০+ ডাবলছ: উদীপ্ত গগৈ / বিনায়ক ঠাকুৰ
পুৰুষ ৪০+ ডাবলছ: দীপাঞ্জন দেৱ / হৰ্ষ বাগোৰদিয়া পুৰুষ ৫০+ ডাবলছ: শিবাশীষ দত্তগুপ্ত / আশিষ জৈন
অ’পেন মিক্সড ডাবলছ: উপাসনা নাথ / বিনায়ক ঠাকুৰ মিক্সড ৩০+ ডাবলছ: মনস্বিনী হাজৰিকা / উদীপ্ত গগৈ
মিক্সড ৪০+ ডাবলছ: নাজনীন ৰহমান / দেৱাশীষ বৰা
‘ট্ৰিপল ক্ৰাউন’ অৰ্জন বিনায়ক ঠাকুৰৰ
 ৩০+ পুৰুষ একক
 ৩০+ পুৰুষ দ্বৈত
 মুকলি মিক্সড দ্বৈত
‘ডাবল ক্ৰাউন’ বিজয়ীসকল
১. মনস্বিনী হাজৰিকা
২. নাজনীন ৰহমান
৩. হৰ্ষ বাগৰোদিয়া
৪. দীপাঞ্জন দেৱ
৫. উদীপ্ত গগৈ
৬. আশিষ জৈন
ইফালে, ৰাজ্যৰ উদীয়মান প্ৰতিভাক উৎসাহিত কৰি গুৱাহাটীৰ পৰশমণি দাসে লাভ কৰে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ সম্ভাৱনাপূৰ্ণ খেলুৱৈৰ সন্মান।
লক্ষ্যণীয়ভাৱে, অসম পিকলবল এছ’চিয়েশ্যনে এই ট্রায়েলছক কেৱল খেলৰ ফলাফল হিচাপে নাচাই, তৃণমূল পৰ্যায়ৰ কাৰ্যসূচী, প্ৰশিক্ষণ আৰু খেলুৱৈসকলৰ উৎসাহজনক সঁহাৰিৰে সমগ্ৰ ৰাজ্যতে এই নতুন ক্ৰীড়াবিধৰ সম্প্ৰসাৰণ ঘটোৱাৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰে।
এই অগ্ৰগতিৰ সন্দৰ্ভত অসম পিকলবল এছ’চিয়েশ্যনৰ সচিব নাজনীন ৰহমানে কয়,
“বিগত কেইটামান বছৰত অসমত পিকলবলে এক বিশেষ গতি লাভ কৰিছে আৰু বিভিন্ন শাখাত দেখা পোৱা প্ৰতিযোগিতাৰ মানদণ্ডই এই উত্তৰণৰ কথাকে স্পষ্ট কৰি তুলিছে। প্ৰতি মাহতেই নতুন নতুন খেলুৱৈ এই খেলৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। এই বাছনি ট্রায়েলছে জিলা পৰ্যায়ত খেলবিধ কিদৰে শিপাই পৰিছে আৰু উদীয়মান প্ৰতিভাসকলে প্ৰতিযোগিতাৰ স্তৰ কিমান ওপৰলৈ তুলি ধৰিছে, তাৰেই নিদৰ্শন দাঙি ধৰে। অসমক প্ৰতিনিধিত্ব কৰাটো খেলুৱৈসকলৰ বাবে যিদৰে এক অনন্য গৌৰৱ, ঠিক তেনেদৰে এক গভীৰ দায়িত্বও। বিগত বৰ্ষৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি ২০২৬ চনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আমাৰ খেলুৱৈসকলে বিভিন্ন শাখাত অধিক পদক অৰ্জনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশাবাদী। এনে এক বৃহৎ আয়োজন সদায় সামূহিক প্ৰচেষ্টাৰ ওপৰতে নিৰ্ভৰশীল। সেয়েহে এই দুদিনীয়া প্ৰতিযোগিতা সফল কৰি তোলা ৰেফাৰী, পৰিচালন বিষয়া, স্বেচ্ছাসেৱক, পৃষ্ঠপোষক, স্থান সহযোগী আৰু বিশেষকৈ প্ৰতিগৰাকী অংশগ্ৰহণকাৰী খেলুৱৈলৈ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।”
বাছনি পৰ্বৰ সমাপ্তিৰ লগে লগে পদক বিতৰণ আৰু ৰাষ্ট্ৰীয় দলৰ খেলুৱৈ বাছনিৰ কামো সম্পূৰ্ণ হয়। পিছে এই প্ৰতিযোগিতাৰ প্ৰকৃত সাফল্য কেৱল ফলাফলতে সীমাবদ্ধ নাছিল; নিজৰ চিনাকি পৰিসৰ ভেদি অসমৰ বিভিন্ন প্ৰান্তত এই ক্ৰীড়াবিধৰ সম্প্ৰসাৰণ ঘটা আৰু খেলুৱৈসকলক লক্ষ্যত উপনীত হোৱাৰ এক নতুন বাট দেখুওৱাটোহে হৈ পৰে ইয়াৰ আটাইতকৈ ডাঙৰ উত্তৰণ।

এতিয়া আৰম্ভণি ঘটিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যাত্ৰাৰ। অসমৰ এই দলে কেৱল খেলপথাৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাই নহয়, ৰাজ্যখনত ক্ৰমাৎ আত্মপ্ৰতিষ্ঠা লাভ কৰা এটা নতুন ক্ৰীড়া আন্দোলনৰ আশা-আকাংক্ষাকো দেশৰ মঞ্চত প্ৰতিনিধিত্ব কৰিব।

Related Articles