জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত অনিশ্চয়তা।
১ জুলাইত অসমলৈ অহাৰ কথা আছে জাপানৰ প্ৰধানমন্ত্ৰী।
১৮ জুনত সৃষ্টি হোৱা গুৱাহাটীৰ অভাৱনীয় পৰিস্থিতিয়ে জন্মাইছে বিধি-পথালি।
গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচাক লৈ সৃষ্টি হোৱা অবাঞ্ছিত পৰিস্থিতিৰ পাছতে বহু ঘণ্টা ধৰি সৃষ্টি হৈছিল অভাৱনীয় যান-জঁটৰ।
সেই যান-জঁটতে আবদ্ধ হৈছিল জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল।
ৰাজপথত এনে পৰিস্থিতি দেখি হতবাক হয় জাপানৰ প্ৰতিনিধি দল।
তাৰ পৰিপ্ৰেক্ষিততে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত লাগিছে আউল।
প্ৰতিনিধি দলৰ প্ৰতিবেদনৰ পিছতে ভ্ৰমণত অনিশ্চিয়তা
অৱশ্যে এই মুহূৰ্তলৈকে ৰাজ্য চৰকাৰে জাৰি কৰা নাই বিবৃতি।
গুৱাহাটীৰ আইন-শৃংখলা আৰু যানবাহন ব্যৱস্থাক লৈ উদ্বিগ্ন জাপানৰ প্ৰতিনিধিৰ দল।

