গণেশগুৰিৰ উৰণীয়া সেতুত অঁকা এখন ছবি মচি পেলোৱাকলৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰে। অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ২০২৬-২৭ বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলতৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে সংবাদমাধ্যমৰ আগত সদৰী কৰে। লগতে মুখ্যমন্ত্ৰী শৰ্মাই গণেশগুৰিৰ উৰণীয়া সেতুত অঁকা এখন ছবি চৰকাৰে মচা নাছিল বুলিও স্পষ্ট কৰি দিয়ে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ছবি খন জুবিন গাৰ্গৰ ছবি যেন লগা নাছিল আৰু সেয়ে দুজন ৰং মিস্ত্ৰীয়ে ছবি খন মচি দিছিল। সেই ৰং মিস্ত্ৰী কেইজন অসমীয়া আছিল আৰু ছবিখন যিহেতু জুবিন গাৰ্গৰ যেন লগা নাছিল সেয়ে তেওঁলোকে ছবি খন একো নভবাকৈয়ে মচি দিছিল। আনকি মিস্ত্ৰী কেইজনৰ ঠিকাদাৰো অসমীয়া আছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াত চৰকাৰৰ কোনো হাত নাই বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ লগতে কয় যে জুবিন গাৰ্গৰ ছবি বিকৃত ৰূপত আঁকি শিল্পীগৰাকীক অপমান কৰাৰ অধিকাৰ কাৰো নাই। শিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গে নিৰ্ধাৰণ কৰি দিয়া ছবিহে শুদ্ধ ৰূপত আঁকিব লাগে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে জুবিন গাৰ্গৰ ছবি বিকৃত কৰি অঁকাসকলৰ আঁৰত আছিল উৰণীয়া সেতুৰ বিৰোধিতা কৰা এছএফআইৰ চক্ৰ।
এই চক্ৰটোৱে উৰণীয়া সেতুৰবিৰোধিতা কৰাৰ লগতে চে গুৱেভাৰাৰ ষ্টাইলত ছবি আঁকি জুবিনক অপমান কৰিছে। তেওঁ লগতে কয় যে অসমৰ বায়ু-পানীৰ সৈতে চে গুৱেভাৰাৰ কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীয়ে কয়- কোনোবাই যদি বিপ্লৱীৰ ছবি আঁকিব লাগে তেন্তে অসমীয়া বিপ্লৱী পৰেশ বৰুৱাৰ ছবি আঁকক, চে গুৱেভাৰাৰৰ আঁকি লাভ নাই । কাৰণ পৰেশ বৰুৱাই নিজৰ ঘৰ-দুৱাৰ ত্যাগ কৰি ৩০ বছৰ ধৰি সংগ্ৰাম কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এছএফআইৰ এই চক্ৰটোৱে যাতে অসমৰ কতো এনেদৰে বিকৃত ছবি আঁকিব নোৱাৰে তাৰ বাবে সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে।

