অসম চৰকাৰে ২০২৫ চনত ছিংগাপুৰত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্তৰ বাবে গঠন কৰা এজনীয়া তদন্ত আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰিছে।
ৰাজনৈতিক (ক) বিভাগে জাৰি কৰা আনুষ্ঠানিক অধিসূচনা অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়া নেতৃত্বাধীন আয়োগে অতিৰিক্ত তিনি মাহৰ বাবে তদন্ত অব্যাহত ৰাখিব । এই বৃদ্ধিৰ সময়সীমা ২০২৬ চনৰ ৪ জুলাইৰ পৰা কাৰ্যকৰী হ’ব।
মসৃণ কাম-কাজ নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় কৰ্মচাৰীৰ সহায়ো বজাই ৰখা হ’ব।তথ্য আৰু জনসংযোগ সঞ্চালকক এই অধিসূচনা টেলিভিছন, অল ইণ্ডিয়া ৰেডিঅ’, আৰু স্থানীয় বাতৰি কাকতৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি চৰকাৰী প্ৰেছে গেজেটত এই সম্পৰ্কীয় অধিসূচনা প্ৰকাশ কৰিব।

