জুবিন-গৰিমাৰ প্ৰথম চিনাকীৰ ৩১ টা বছৰঃ পুৰণি স্মৃতি সুঁৱৰিলে গৰিমা শইকীয়া গাৰ্গে

১৯৯৫ চনৰ আজিৰ দিনটোতে জুবিন-গৰিমাৰ প্ৰথম চিনাকী হৈছিল। মৰমৰ গল্ডীক প্ৰথমবাৰলৈ দেখা দিবলৈ গৰিমা ওলাই আহিছিল মুম্বাই চেন্ট্ৰেলৰ সেই হোষ্টেলৰ পৰা। গৰিমা-গল্ডীৰ প্ৰেমৰ আৰম্ভণিৰ আজি ৩১ টা বছৰ সম্পূৰ্ণ।

৩১ বছৰীয়া এক অমৰ প্ৰেমৰ সম্পৰ্ক। জীৱনৰ হাজাৰ সুখ-দুখ একেলগে পাৰ কৰাৰ প্ৰতিটো মুহূৰ্ত আজিও সজীৱ গৰিমা গাৰ্গৰ স্মৃতিত। মুম্বাইত জুবিনক প্ৰথমবাৰৰ বাবে লগ পোৱাৰ পাছৰ সেই সোণালী দিনবোৰৰ কেইখনমান বিশেষ ফটো চাওক-


পুৰণি স্মৃতি সুঁৱৰি আৱেগিক গৰিমা শইকীয়া গাৰ্গ। সামাজিক মাধ্যমত মৰমৰ গল্ডীক সুঁৱৰি লিখিলে-তোমাৰ মোৰ প্ৰথম চিনাকিৰ সেই দিনটোৰ পৰা আজিলৈ..৩১টা বছৰ গ’ল্ডী.. স্মৃতি আজিও একেবাৰে সজীৱ হৈ আছে। মই একেদৰে সজীৱ হৈ থাকিব জানিছো জানো?

Related Articles