নলবাৰীৰ জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান টিহু মহাবিদ্যালয়ৰ অধ্যাপক ড° অতনু নাথে ‘বিজ্ঞানৰ অস্কাৰ’ বুলি পৰিচিত ‘ব্ৰেকথ্ৰু প্ৰাইজ’ (Breakthrough Prize in Fundamental Physics) লাভ কৰিছে। টিহু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক ৰূপে কৰ্মৰত হৈ আছে তেওঁ।
১১ জন ভাৰতীয়কে ধৰি বিশ্বৰ ৩৭৬ গৰাকী বিজ্ঞানীৰ সৈতে তেওঁ এই সন্মান লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে উত্তৰ পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ বিজ্ঞানী যিয়ে মৌলিক পদাৰ্থ বিজ্ঞানৰ ব্ৰেকথ্ৰু বঁটা লাভ কৰিছে।

