ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আবেদন নাকচ কৰিলে আমেৰিকাৰ উচ্ছতম ন্যায়ালয়ে৷ ফলত তেওঁ মহিলা সাংবাদিক ই জিন কেৰলক ৫০ লাখ ডলাৰ [ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৭ কোটি ৩০ লাখ ৮৮ হাজাৰ টকা] ক্ষতিপূৰণ দিব লাগিব৷ সোমবাৰে দেশখনৰ শীৰ্ষ আদালতে ট্ৰাম্পৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, য’ত তেওঁ যৌন নিৰ্যাতন আৰু মানহানিৰ অভিযোগত কেৰলৰ সপক্ষে দিয়া নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল৷ ফলত ২০২৩ চনত দিয়া ৫০ লাখ ডলাৰৰ ৰায়দান কাৰ্যকৰী হৈ থাকিব৷ কেৰলে প্ৰথমবাৰৰ বাবে ২০১৯ চনত ট্ৰাম্পৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল৷ পিছলৈ ২০২২ চনত নিউয়ৰ্কত নতুন আইন কাৰ্যকৰী হোৱাৰ পিছত তেওঁ নতুনকৈ গোচৰ তৰিছিল৷ সেই আইনৰ জৰিয়তে যৌন নিৰ্যাতনৰ বলি হোৱা লোকসকলেও পুৰণি কাণ্ডৰ বাবে দেৱানী গোচৰ ৰুজু কৰাৰ সুযোগ পায়৷ এক অদ্ভুত আইনী পৰিস্থিতিৰ বাবে ২০২২ চনৰ গোচৰটো প্ৰথমে আদালতলৈ গৈছিল৷ সেই গোচৰত জুৰীয়ে কেৰলৰ সপক্ষে ৰায় দিছিল আৰু ট্ৰাম্পক ৫০ লাখ ডলাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল৷
পৰৱৰ্তী সময়ত ২০১৯ চনৰ মানহানি গোচৰৰ বিচাৰ চলিছিল আৰু সেই গোচৰত ট্ৰাম্পৰ বিৰুদ্ধে ৮৩ মিলিয়ন ডলাৰ প্ৰদানৰ ৰায় দিয়া হয়৷ সুতকে ধৰি কেৰলৰ বাবে ট্ৰাম্পে আদায় দিবলগীয়া মুঠ ধনৰাশি ১০ কোটি ডলাৰতকৈও অধিক বুলি কোৱা হৈছে৷ ২০২২ চনত কেৰলৰ গোচৰত অভিযোগ কৰা হৈছিল যে ১৯৯০ চনৰ মাজভাগত নিউয়ৰ্কৰ এখন ডিপাৰ্টমেণ্ট ষ্ট’ৰত ট্ৰাম্পে তেওঁক যৌন নিৰ্যাতন চলাইছিল আৰু পিছত এই কাণ্ড অস্বীকাৰ কৰি তেওঁৰ মানহানি কৰিছিল৷ ট্ৰাম্পে আৰম্ভণিৰে পৰাই এই অভিযোগ অস্বীকাৰ কৰি আহিছে৷ তেওঁৰ দাবী যে এই গোচৰৰ ন্যায়াধীশ আমেৰিকাৰ জিলা ন্যায়াধীশ লুইছ কেপলানে বিচাৰ প্ৰক্ৰিয়াত একাধিক ভুল কৰিছে৷ ট্ৰাম্পৰ অধিবক্তাই অভিযোগ উত্থাপন কৰে যে ন্যায়াধীশগৰাকীয়ে এনে দুগৰাকী মহিলাৰ সাক্ষ্যৰ অনুমতি দিছিল যিয়ে পূৰ্বে ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ তেওঁলোকে লগতে ২০০৫ চনৰ ‘এক্সেছ হলীউড’ টেপটো জুৰীক দেখুৱাবলৈ দিয়া অনুমতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে৷ সেই অডিঅ’ ৰেকৰ্ডিঙত ট্ৰাম্পে মহিলাৰ বিষয়ে আপত্তিজনক মন্তব্য কৰা দেখা গৈছে, যিটো গোচৰৰ প্ৰমাণ হিচাপে দাখিল কৰা হৈছিল৷
যোৱা বছৰ আমেৰিকাৰ দ্বিতীয় চাৰ্কিট আপিল আদালতে ৫০ লাখ ডলাৰৰ জুৰীৰ ৰায়ক সমৰ্থন কৰিছিল৷ আদালতে কয় যে ন্যায়াধীশগৰাকীয়ে কোনো ভুল কৰা নাই, যাৰ বাবে নতুন বিচাৰৰ প্ৰয়োজন হ’ব৷ ২০২৫ চনৰ জুন মাহত ট্ৰাম্পে এই গোচৰৰ বিৰুদ্ধে পূৰ্ণ বিচাৰপীঠত আবেদন জনাইছিল যদিও সফলতা লাভ কৰা নাছিল৷ ইয়াৰ পিছতে তেওঁ উচ্ছতম ন্যায়ালয়ত আবেদন জনায়৷ ট্ৰাম্পৰ অধিবক্তাই উচ্ছতম ন্যায়ালয়ত যুক্তি দিছিল যে এগৰাকী কাৰ্যবাহী ৰাষ্ট্ৰপতিক পুৰণি অভিযোগৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰীয় কৰ্তব্যৰ পৰা মনোযোগ আঁতৰাবলৈ বাধ্য কৰা হৈছে আৰু ই ৰাষ্ট্ৰপতি পদৰ বাবে ক্ষতিকাৰক৷ কিন্তু কেৰলৰ অধিবক্তাই যুক্তি দিছিল যে দ্বিতীয় চাৰ্কিট আদালতৰ সিদ্ধান্ত শুদ্ধ আছিল আৰু জুৰীয়ে পৰ্যাপ্ত প্ৰমাণৰ ভিত্তিতে ৰায়দান কৰিছিল৷ জুৰীৰ ৰায়দানৰ পিছত ২০২৩ চনত ট্ৰাম্পে আদালতৰ নিয়ন্ত্ৰিত একাউণ্টত ৫৫ লাখ ডলাৰ জমা দিছিল৷ ফলস্বৰূপে কেৰলে তুলনামূলকভাৱে সোনকালে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে৷

