Breaking

ডবকালৈ আহিল শ্ৰীলংকাৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ

0 78

কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বা কোনো ক্ৰীড়া সম্পৰ্কীয় বিষয় নহয়; সম্পূৰ্ণ ব্যক্তিগত কাৰ্যসূচীৰে হোজাই জিলা ভ্ৰমণ কৰি গ’ল শ্ৰীলংকা ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ, বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰ কুমাৰ ধৰ্মসেনা ৷ ১৯৯৩ চনৰ পৰা ২০০৪ চনলৈ শ্ৰীলংকা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা কুমাৰ ধৰ্মসেনা আছিল ১৯৯৬ চনৰ বিশ্বকাপ বিজয়ী শ্ৰীলংকা ক্ৰিকেট দলৰ এজন সদস্য ৷ বৰ্তমান ধৰ্মসেনা ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ ইলাইট শ্ৰেণীৰ এগৰাকী পৰিচিত আম্পায়াৰ ৷ ক্ৰিকেটাৰ গৰাকীয়ে কালি হোজাই জিলাৰ ইছলাম নগৰৰ অগৰু কাঠৰ বজাৰত মাস্ক পিন্ধি দুঘন্টা কটাই গ’ল ৷ কোনেও গম নাপালে এই কথা ৷ হোজাইত আহি ক্ৰিকেটাৰ গৰাকীয়ে ডবকাৰ এজন লোকৰ ঘৰতো অলপ সময় জীৰণি লৈ যায় ৷ ধৰ্মসেনাৰ লগতে আছিল তেওঁৰ অগৰু ব্যৱসায়ী পুত্ৰ কাবিস্কা ধৰ্মসেনা ৷ গোপনে ক্ৰিকেটাৰজনে হোজাই আৰু ডবকা ভ্ৰমণ কৰি যোৱাৰ পিছত ক্ৰিকেটৰ ফেনসকলৰ মাজত হাহাকাৰ লাগে ৷ জনপ্ৰিয় ক্ৰিকেটাৰজনক কাষত পোৱাৰ সুযোগ হেৰুৱালে ফেনসকলে ৷ কিছু সংখ্যক অগৰু ব্যৱসায়ীয়ে নিজৰ মোবাইলৰ কেমেৰাত কুমাৰ ধৰ্মসেনাৰ ফটো বন্দী কৰি ৰাখে৷ কিন্তু অচিৰেই ক্ৰিকেটাৰ গৰাকী পুনৰ ডবকালৈ আহিব বুলি প্ৰতিশ্ৰুতি দি গ’ল ৷ পুত্ৰৰ মালয়েচিয়াৰ অগৰু দোকানৰ বাবে হোজাইৰ ইছলাম নগৰৰ অগৰু বজাৰৰ পৰা বৃহৎ পৰিমানৰ অগৰু কাঠ ক্ৰয় কৰে ক্ৰিকেটাৰগৰাকীয়ে ৷

Leave A Reply