সদৌ অসম ট্ৰাইবেল সংঘৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ প্ৰাঙ্গণতো দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ সভাপতি বিদ্যাধৰ দৈমাৰী আৰু সম্পাদক নগেন বাংঠাইৰ নেতৃত্বত তথা জিলা সমিতিৰ সমূহ বিষয়-ববীয়া আৰু ১২খন শাখা সমিতিৰ বিষয়-ববীয়াৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ কাৰ্যসূচী পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হয়। পতাকা উত্তোলন কৰে ড০ বশিষ্ঠ মণি ৰামদেৱে। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে জিলা ট্ৰাইবেল সংঘৰ স্থায়ী সভাপতি বিদ্যাধৰ দৈমাৰীয়ে।
ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি-সম্পাদকসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত প্ৰাক্তন সভাপতি নামেশ্বৰ বড়ো, প্ৰাক্তন সম্পাদক ভৰত টুমুং, প্ৰাক্তন সম্পাদক হৰিৰাম আমচিৰ লগতে সদৌ অসম ট্ৰাইবেল সংঘৰ বৰ্তমানৰ সম্পাদক ধীৰেন ইংতি আৰু অন্যান্য বিষয়-ববীয়া উপস্থিত থাকে।
মুকলি সভাত ডিমৰীয়াৰ থলুৱা জনজাতীয় লোকসকলৰ ভূমি সুৰক্ষা, সাংবিধানিক অধিকাৰ আৰু সুৰক্ষা, বৰ্তমানৰ বিভিন্ন সমস্যা তথা ভৱিষ্যৎ কৰণীয় আদি গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা কৰা হয়। বক্তাসকলে জনজাতীয় সমাজৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

