ডুমডুমা জাতীয় বিদ্যালয়ত বিধ্বংসী অগ্নিকাণ্ড৷
নিশা প্ৰায় বাৰ বজাত সংঘটিত হৈছে ভয়ানক অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হোৱা সম্ভাৱনা৷
বহু কেইটা শ্ৰেণী কোঠাৰ লগতে সমগ্ৰ বিদ্যালয়খন ধ্বংস হোৱাৰ খবৰ৷
কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ’ল বৰ্তমানেও জানিব পৰা হোৱা নাই৷
অগ্নিনিৰ্বাপক বাহিনীৰ বিফলতাৰ ওপৰতো ক্ষোভ উজাৰে দল সংগঠনৰ নেতৃবৃন্দই।
সময়ত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ যদিও ৰেল লাইনৰ পাৰত অৱস্থিত বিদ্যালয় হোৱাৰ বাবে আৰু অগ্নিনিৰ্বাপক বাহন সোমোৱাবলৈ বাট নোহোৱা কাৰণে পৰ্যাপ্ত পৰিমাণৰ দুৰত্বতকৈ অধিক দূৰ হোৱাত পাৱাৰ গেয়াৰ লগাব লগা হয় আৰু সময়ত ষ্টাৰ্ট নোহোৱাত উপযুক্ত সময়ত জুই নিৰ্বাপন কৰিব পৰা নগ’ল বুলি বিভাগে জনাই ৷

