ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ‘ইউথ এগেইনষ্ট ড্ৰাগছ ফাউণ্ডেচন’ৰ বিশেষ প্ৰচেষ্টা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ‘ড্ৰাগছমুক্ত অসম’ গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ সংকল্পৰে গুৱাহাটীৰ পাণ্ডুৰ ভাতৃ-ভগ্নী ৰাজবীৰ সিংহা আৰু মিনাক্ষী সিংহাই গ্ৰহণ কৰিছে ব্যাপক সজাগতামূলক পদক্ষেপ। ‘ইউথ এগেইনষ্ট ড্ৰাগছ ফাউণ্ডেচন’ৰ উপ-সভাপতি মিনাক্ষী সিংহা আৰু ৰাজবীৰ সিংহাই শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি গুৱাহাটীৰ বিভিন্ন বিদ্যালয় তথা মহাবিদ্যালয়ত চলাই থকা ড্ৰাগছবিৰোধী কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে।


যুৱ প্ৰজন্মক ড্ৰাগছৰ ভয়াৱহতাৰ প্ৰতি সচেতন কৰা, নিচাযুক্ত দ্ৰব্যৰ পৰা দূৰত ৰখা আৰু শিক্ষা, ক্ৰীড়া তথা এক সুস্থ-সবল জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰাই এই অভিযানৰ মূল উদ্দেশ্য। সাক্ষাৎকালত তেওঁলোকে নিজৰ অভিযানৰ বিভিন্ন সফলতা আৰু ভাবধাৰা মুখ্যমন্ত্ৰীৰ সন্মুখত দাঙি ধৰে।পাণ্ডুৰ এই উদীয়মান যুৱ প্ৰতিভা দুগৰাকীৰ সামাজিক দায়বদ্ধতাৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক এই ইতিবাচক কাৰ্যসূচী নিৰৱচ্ছিন্নভাৱে চলাই নিবলৈ উৎসাহিত কৰে।


ৰাজবীৰ আৰু মিনাক্ষী সিংহাৰ এই পদক্ষেপে নিশ্চিতভাৱে অসমৰ যুৱ সমাজৰ মাজত নতুন সচেতনতাৰ ঢৌ তুলিব আৰু এখন নিচামুক্ত, সুস্থ তথা সবল অসম গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Related Articles