ঢকুৱাখনাত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন । স্মৃতিগ্ৰন্থ-“বীৰাঙ্গনা” উন্মোচন


১৫২৩ চনৰ ৭ ব’হাগতেই চুতীয়া ৰাজ্যৰ অৱসান ঘটিছিল।আজিৰ দিনটোত আমি জাতিটোৰ সকলো নাগৰিক একত্ৰিত হৈ স্বাভিমানী জাতিটোক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক -সাংস্কৃতিক আৰু শৈক্ষিক দিশত আগুৱাই নিয়াৰ সংকল্প লোৱা উচিত।”-এই বক্তব্য সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা অমিয় কুমাৰ বৰাৰ।কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ লক্ষ্মীনাৰায়ণ ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ সহযোগত তথা ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ ভাতৃ-ভগ্নী সংগঠনবোৰৰ আতিথ্যত


কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা বীৰাঙ্গনা সতী সাধনী দিৱসৰ আজি অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দি বৰাই এইদৰে কয়।নিজৰ ভাষণত বৰাই আৰু কয় যে-“সতী সাধনী এছিয়া মহাদেশৰ প্ৰথম মহিলা যিগৰাকীয়ে নিজৰ জাতিৰ আৰু ৰাজ্যৰ সুৰক্ষাৰ বাবে নাৰী বাহিনী গঠন কৰিছিল। স্বাভিমানী এইগৰাকী মহিয়সী নাৰীয়ে আহোম সেনাবাহিনীৰ হাতত পৰাস্ত হৈ আত্মসমৰ্পণ কৰাতকৈ মৃত্যুকে শ্ৰেয় বুলি বিবেচনা কৰি কুবেৰপ্ৰদত্ত সোণৰ মেকুৰী,ঢাল আৰু তৰোৱাল লৈ চন্দনগিৰি পৰ্বতৰ পৰা জপিয়াই প্ৰাণত্যাগ কৰিছিল। এওঁ ঝান্সীৰ ৰাণী লক্ষ্মীবাই,মুলাগাভৰু আৰু জয়মতীৰ পূৰ্বেই স্বৰাজ্য আৰু স্বজাতিৰ বাবে আত্মত্যাগ কৰি ইতিহাস ৰচনা কৰিছিল।”চুতীয়া জাতি সন্মিলনৰ কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ চুতীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰি বিশিষ্ট লেখক,শিক্ষাবিদ
ড০ ৰমেশ চন্দ্ৰ চুতীয়াই কয় যে-“বীৰাঙ্গনা সাধনীৰ যি শৌৰ্য-বল-বিক্ৰম আৰু বুদ্ধিমত্তা আছিল তাৰ ওপৰত আজিও সঠিক মূল্যায়ন আৰু গৱেষণা হোৱা নাই।আজিৰ তাৰিখত চুতীয়াসকলে নিজৰ প্ৰাপ্যৰ বাবে ৰাজপথত আন্দোলন কৰিলেই নহ’ব
কলম,কিতাপৰ এখন বৌদ্ধিক আন্দোলনো কৰিব লাগিব।গুৰুত্বপূৰ্ণ কথা যে আজিৰ দিনটোত অসমৰ নামী-দামী পাঁচ/ছয়খনকৈ কাকতত বীৰাঙ্গনা সাধনী আৰু চুতীয়াসকলৰ ঐতিহ্য-বুৰঞ্জীৰ বিভিন্ন লেখা একেলগে বিশেষ পৃষ্ঠাত প্ৰকাশ পাইছে।এইয়া এক বৌদ্ধিক আন্দোলনৰ শুভাৰম্ভণি বুলি ধৰিব পাৰি।


আমি জাতিৰ বাবে সকলোৱে নিজৰ কিছু অৰিহণা আগবঢ়ালেহে জাতিৰ ভৱিষ্যত উদজ্বল হ’ব।”
ইফালে বিশিষ্ট অতিথিৰূপে উপস্থিত থকা চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱাই কয় যে -“১১৮৭ চনত বীৰপালে দ্বিতীয় বাৰৰ বাবে চুতীয়া ৰাজ্য গঠন কৰিছিল।ইয়াৰ পূৰ্বে চীনৰ চ্যু প্ৰদেশৰ পৰা অহা অসমভিন্ন নামৰ এজন লোকে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।” এই মুকলি সভাতেই ৫০৩ সংখ্যক বীৰাঙ্গনা সতী সাধনী দিৱসৰ উপলক্ষে
লেখক,সাংবাদিক ৰাজীৱ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত-স্মাৰক গ্ৰন্থ “বীৰাঙ্গনা” উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বুধিন বৰুৱাই। আজিৰ মুকলি সভাখনত সদৌ অসম আহোম সভাৰ সভাপতি শশাঙ্ক নেওগ,সদৌ অসম মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা আৰু সদৌ অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰুৱা,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰীকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী পুৱ ৯ বজাত তুলসী শইকীয়াই মূল তোৰণ আৰু হেম বৰুৱাই মূল মঞ্চ উদ্বোধন কৰে। ইয়াৰ পিছত পুৱা ১১ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হয়। চুতীয়া জনগোষ্ঠীৰ চহকী ঐতিহ্য -পৰম্পৰা, সংস্কৃতিৰ লগতে লোকাচাৰ আদিক প্ৰতিফলিত কৰা এই সুন্দৰ শোভাযাত্ৰাটি উদ্ধোধন কৰে শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে। ৯১ বছৰীয়া সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সতী সাধনীৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁৰ আদৰ্শক অনুসৰণ কৰি জাতিটোক সমৃদ্ধ কৰিবলৈ সকলোকে আহ্বান জনায়।আনহাতে ২০ এপ্ৰিল প্ৰথম দিনাৰ কাৰ্যসূচী পুৱা ৯ বজাত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰে কৰা পতাকা উত্তোলনৰে আৰম্ভ হয়। ইয়াৰ পিছত সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলী খনিকৰে আৰু স্মৃতি তৰ্পণ কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক নৃপেন খনিকৰে। দুপৰীয়া ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত বসন্ত শইকীয়াক সভাপতি আৰু পৰাগ শইকীয়াক সম্পাদকৰ দায়িত্ব দি জিলা সমিতিৰ নতুন কাৰ্য নিৰ্বাহক সমিতি গঠন কৰা হয়। সন্ধিয়া গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটো শুভ উদ্বোধন কৰে চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তুভ কিশোৰ চুতীয়াই। ইফালে আজি নিশা অনুষ্ঠিত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াটি উদ্ধোধন কৰে এল টি কে কলেজৰ সহযোগী অধ্যাপক ডঃ ৰণদ্বীপ বৰাই।

Related Articles