Breaking

তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱালৈ “সাহিত্য শিৰোমণি” সন্মান

0 22

দীৰ্ঘদিন ধৰি নিৰৱে সাহিত্য চৰ্চা অব্যাহত ৰখা তেজপুৰৰ কবি, লেখিকা নাজু হাতীকাকতি বৰুৱাক “জচালা ফাউণ্ডেশ্যন” তথা “সুপ্ৰভাত মঞ্চ” নতুন দিল্লীয়ে প্ৰদান কৰিছে “সাহিত্য শিৰোমণি” সন্মান। উল্লেখ্য যে কালি দিনদয়াল উপাধ্যায় মাৰ্গ নিকতৱৰ্তী আই টি অ সংস্কাৰ ভাৰতী নতুন দিল্লীত আয়োজিত আন্তৰাষ্ট্ৰী়য় কলা, সাহিত্য তথা সংস্কৃতি সন্মান ২০২৩ অনুষ্ঠিত হৈ যায়। তিনিদিনীয়া এই অনুষ্ঠানৰ প্ৰথম দিনা সুৰেশ পাল বাৰ্মাৰ ২৫ খন গ্ৰন্থ উন্মোচন তথা কিছু বিশ্ব কিৰ্তিমান সন্মান উদ্ঘাটন আৰু কলা প্ৰদৰ্শনীৰে আৰম্ভ হয়। ডঃ সুৰেন্দ্ৰ বাৰ্মাৰ অধ্যক্ষতাত এই অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে দিল্লী লোকসভাৰ সংসদ মনোজ তিৱাৰী, বিশিষ্ট অতিথি কৈৰানা, উত্তৰ প্ৰদেশ লোকসভাৰ সংসদ প্ৰদীপ কুমাৰ, বিশিষ্ট অতিথি শ জিতেন্দ্ৰ মহাযন (বিধায়াক), বিপিন শৰ্মা (পূৰ্ব বিধায়ক), আদিৰ উপস্থিতিত
উক্ত অনুষ্ঠানটিত দেশ বিদেশৰ ৬৫ জন বিশিষ্ট ব্যক্তিক সাহিত্য শিৰোমণি, ৰাষ্ট্ৰ বিভূষণ, ৰাষ্ট্ৰ ৰত্ন, ভাৰত গৌৰৱ, সাহিত্য ৰত্ন, সাহিত্য বিভূতি আৰু সাহিত্য গৌৰৱ সন্মানেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানটিত অসমীয়াকে আদি কৰি কেবাটাও ভাষাত সাহিত্য চৰ্চা কৰি অহা তেজপুৰ, অসমৰ লেখিকা নাজু হাতীকাকতি বৰুৱাক “সাহিত্য শিৰোমণি ” সন্মানেৰে সন্মানিত কৰাত তেজপুৰৰ সাহিত্য সেৱী সকল উৎফুল্ল হৈ পৰিছে ।

Leave A Reply