পঞ্চম অসম বেটেলিয়ন এন.চি.চি য়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত আজি ‘এন.চি.চি. ৰাষ্ট্ৰীয় সুৰক্ষা সজাগতা কাৰ্যসূচী’ আৰু ‘এন.চি.চি. প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন’ অনুষ্ঠিত হয়৷ এই কাৰ্যসূচীত এন.চি.চি. কেডেট আৰু যুৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয় সুৰক্ষা সজাগতা, নেতৃত্ব, অনুশাসন আৰু দায়িত্বশীল নাগৰিকত্বৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়৷অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশলৈ নিছামুক্ত দেশ গঢ়াত দেশৰ যুৱ প্ৰজন্মৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে৷
বিশ্ববিদ্যালয়ৰ কলাগুৰু বিঞ্চু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত সেনাৰ চতৰ্থক’ৰৰ জিঅচিৰ লগতে এনচিচিৰ শীৰ্ষ বিষয়াও অংশ লয়৷এই অনুষ্ঠানত ৰাজ্যপাল গৰাকীয়ে কে’বাজনো এনচিচি ৰ প্ৰাক্তন কেডেটক সন্মানিত কৰাৰ লগতে এনচিচি কেডেট সকলে একাধিক সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে৷

