বুধবাৰে অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু মুষলধাৰ বৰষুণে দক্ষিণ কামৰূপৰ কেইবাটাও অঞ্চলত কৃষিক্ষেত্ৰত ব্যাপক ক্ষতিসাধন কৰে। বিশেষকৈ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত জোজি, গণকপাৰা আৰু ভোলাগাঁও অঞ্চলত শিলাবৃষ্টিৰ ফলত পথাৰৰ পকিবলৈ ধৰা ধাননিৰ বিস্তৰ ক্ষতি হোৱাত কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। হঠাতে অহা বতৰ পৰিৱৰ্তনৰ ফলত কিছু সময়ৰ ভিতৰতে অঞ্চলটোৰ কৃষিভূমিৰ পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হৈ পৰে। ধাৰাসাৰ বৰষুণৰ পাছতে হোৱা প্ৰচণ্ড শিলাবৃষ্টিত পথাৰ, বাট-পথ, চোতাল আদি শিলাবৃষ্টিৰে ঢাক খাই পৰে।

এই প্ৰাকৃতিক দুৰ্যোগৰ আটাইতকৈ বেছি প্ৰভাৱ পৰে যোজি ৰাজহ গাঁৱত। গাঁওখনৰ কেইবাগৰাকীও কৃষকৰ অইজুন, ৰঞ্জিত আৰু সোণাশক্তি আদি জাতৰ ধানখেতি শিলাবৃষ্টিত বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হয়। উল্লেখ্য যে ধাননি পথাৰসমূহ পকিবলৈ আৰম্ভ কৰাৰ লগতে কৃষকসকলে ধান চপোৱাৰ প্ৰস্তুতি চলোৱাৰ সময়তে এই দুৰ্যোগে কৃষকসকলৰ মূৰত মাধমাৰ শোধায়। প্ৰাথমিক তথ্য অনুসৰি, জোজি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি এই শিলাবৃষ্টি আৰু বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে ক্ষতিগ্ৰস্ত কৃষকসকলৰ ভিতৰত ভূমিধৰ দাসৰ পাঁচ বিঘা, শুভল মজুমদাৰৰ সাত বিঘা, ধীৰেন দাসৰ ৫.৫ বিঘা, উমেশ দাসৰ ৮.৫ বিঘা, বিনোদ দাসৰ ৫.৫ বিঘা, মোহন দাসৰ চাৰি বিঘা, ভোগেশ্বৰ দাসৰ চাৰি বিঘা, পুলক মজুমদাৰৰ সাত বিঘা আৰু দ্বিজেন দাসৰ পাঁচ বিঘা কৃষিভূমিৰ ধানখেতি বিনষ্ট হৈছে। অৱশ্যে এয়া বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা ক্ষতিগ্ৰস্ত কৃষকৰ তথ্যহে। ইয়াৰ উপৰি অঞ্চলটোৰ আন বহু কৃষকো এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত দৈনন্দিন বাৰ্তাৰ আজাৰৰ সংবাদদাতা অনিল কলিতাৰ সৈতে হোৱা বাৰ্তালাপত কৃষক সৰ্বেশ্বৰ দাস আৰু মাধৱ দাসে কয় যে তেওঁলোকে জীৱনত এনে পৰিস্থিতিৰ সন্মুখীন কেতিয়াও হোৱা নাইতেওঁলোকৰ ভাষ্য অনুসৰি, এই প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকৰ প্ৰায় সমগ্ৰ খেতিয়েই নষ্ট হৈছে।
জীৱনত প্ৰথমবাৰৰ বাবে এনে ভয়াবহ পৰিস্থিতি প্ৰত্যক্ষ কৰা বুলিও তেওঁলোকে আক্ষেপ প্ৰকাশ কৰে। ইফালে, ছয়গাঁও অঞ্চলৰ সমীপৱৰ্তী বৰপিথ ৰাজহ গাঁৱতো শিলাবৃষ্টি আৰু প্ৰবল বৰষুণৰ ফলত কৃষিক্ষেত্ৰত ব্যাপক ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। বিশেষকৈ বৰপিথ গাঁৱত প্ৰায় ১,৫০০ বিঘা শালি ধানৰ খেতি আৰু ৫০০ বিঘা কলখেতি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ কৃষকসকল বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। এটা সম্পূৰ্ণ কৃষি বতৰৰ পৰিশ্ৰম, ধন আৰু সময় বিনিয়োগ কৰি ভাল উৎপাদনৰ আশাত বাট চাই থকা কৃষকসকলৰ বাবে এই আকস্মিক প্ৰাকৃতিক দুৰ্যোগ এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে। বিশেষকৈ ধান চপোৱাৰ প্ৰাকমুহূৰ্তত শস্যসমূহ পথাৰতে বাগৰি পৰাত কৃষক পৰিয়ালসমূহৰ উপাৰ্জন আৰু জীৱিকাক লৈ অনিশ্চয়তাই দেখা দিছে। এই পৰিপ্ৰেক্ষিতত পলাশবাৰী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ক্ষতিগ্ৰস্ত কৃষকসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকা, পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্য আৰু কামৰূপ জিলা প্ৰশাসনক শীঘ্ৰে বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। কৃষকসকলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত তাৎক্ষণিকভাৱে ক্ষেত্ৰভিত্তিক জৰীপ চলাই প্ৰকৃত ক্ষয়-ক্ষতি নিৰূপণ কৰাৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলক উপযুক্ত চৰকাৰী ক্ষতিপূৰণ প্ৰদানৰ দাবী জনাইছে।

