Breaking

দালালৰাজক কেন্দ্ৰকৰি উত্তপ্ত হস্পিতাল

0 1,016

ৰাজ্যত অধিকাংশ বিভাগতে অব্যাহত আছে দলালৰ দপদপনি,মুখ্য মন্ত্ৰীৰ ভাবুকিও কেৰেপ নকৰে দালাল সকলে, মাটিৰ দালাল,থানাৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলালে ঠিকেই কিন্ত দালাল ৰাজ হ্ৰাস হোৱা নায় কাৰ্যালয় বোৰত, পুৰ্বতকৈ অধিক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালাল সকলে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷হোজাই জিলাৰ  চক্ৰ বিষয়াৰ কাৰ্যালয়ত আপুনি গলেই প্ৰতক্ষ্য কৰিব পাৰিব,মাটিৰ ব্যৱসায়ী দালাল সকলৰ বাবেই সাধাৰণ লোকে বিষম অসুবিধাৰ সন্মুখীন হবলৈ ধৰিছে,মন্ডল সকলেও এক প্ৰকাৰ নিৰুপায় হৈ পৰিছে,

কাৰ্যালয়ে কাৰ্যালয়ে CCTV স্থাপন কৰিলে প্ৰকৃত সত্যটো পোহৰলৈ আহিব বুলি সচেতন মহলে প্ৰকাশ কৰিছে৷এইবাৰ ডবকাৰ ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়ত দালালৰ দপদপনি বৃদ্ধি পোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷অভিযোগ অনুসৰি চিকিৎসকৰ পৰিৱৰ্তে দালালে নিৰ্দেশ দিয়ে ৰোগীৰ আত্মীয়ক ৷ ৰোগীক ব্যক্তিগত চিকিৎসালয়ত নিয়াৰ বাবে হেঁচা দিয়ে দালাল চক্ৰটোৱে ৷ যাৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ পৰা লাভ কৰে বৃহৎ পৰিমানৰ কমিচন ৷ বুধবাৰে নিশা দালালৰাজক কেন্দ্ৰকৰি প্ৰচণ্ড মাৰপিট সংঘটিত হয় চিকিৎসালয়খনত ৷ এগৰাকী প্ৰসুতি ৰোগীক নগাও হস্পিতাললৈ ৰেফাৰ কৰিছিল চিকিৎসকে ৷

কিন্তু সেই প্ৰসুতি গৰাকীক নিবলৈ অমান্তি হয় ব্যক্তিগত এম্বুলেঞ্চৰ এগৰাকী চালকে ৷ তাৰ পাছত স্থানীয় যুৱক আৰু এম্বুলেঞ্চৰ গৰাকীৰ মাজত সৃষ্টি হয় সংঘাত ৷ সংঘাতৰ ফলত আহত হয় ৰিয়াজুল নামৰ এজন যুৱকে ৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ডবকা আৰক্ষীয়ে ৷আনহাতে হস্পিতালখনত চলি থকা দালালৰাজৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰে চিকিৎসালয়খনৰ অধ্যক্ষ্ ইছহাক আলীয়ে,একেধৰণে বিন্নাকান্দি উন্নয়ন খণ্ডতো দালালে কব্জা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন হৈছে৷

Leave A Reply