দিছপুৰ প্ৰেছ ক্লাবৰ ‘এই মাহৰ অতিথি’ অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। এইবাৰৰ বিধানসভাৰ অধিৱেশন ব্যতিক্ৰমধৰ্মী হ’ব বুলি মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে। তেওঁ জানিবলৈ দিয়ে যে নতুনকৈ নিৰ্বাচিত ৪৭ গৰাকী বিধায়কক অধিবেশন আৰম্ভ হোৱাৰ দুদিন পূৰ্বে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্ৰয়োজন হ’লে নতুনকৈ মন্ত্ৰী হোৱা লোকসকলেও এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।
সদনত মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীয়ে বক্তব্য বা উত্তৰ আগবঢ়াই থকা সময়ত কোনো সদস্যই যাতে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নকৰে, তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব বুলিও অধ্যক্ষগৰাকীয়ে কয়।
অধ্যক্ষৰ পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগৰ সন্দৰ্ভত তেওঁ স্পষ্টভাৱে কয় যে কোনো ধৰণৰ পক্ষপাতিত্বমূলক পদক্ষেপ গ্ৰহণ কৰা নহয়। শাসক আৰু বিৰোধী উভয় পক্ষৰ সদস্যকেই সমানভাৱে কথা কোৱাৰ সুযোগ প্ৰদান কৰা হয় বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ মতে, বিধানসভাৰ অধ্যক্ষ সদায় নিৰপেক্ষ হ’বই লাগিব।
ৰাজনীতিলৈ অহাৰ পূৰ্বে সাংবাদিকতাৰ সৈতে জড়িত থকাৰ কথা স্মৰণ কৰি ৰঞ্জিত কুমাৰ দাসে কয় যে সাংবাদিকতাৰ প্ৰতি আকৰ্ষণ থকাৰ বাবেই তেওঁ এই ক্ষেত্ৰত কাম কৰিছিল। জীৱনৰ বিভিন্ন সময়ত মানুহৰ গতি-প্ৰকৃতি সলনি হয় যদিও সাংবাদিক হিচাপে কাম কৰি তেওঁ বিশেষ আনন্দ লাভ কৰিছিল বুলি উল্লেখ কৰে।
সাংবাদিকতাৰ স্বাধীনতা আৰু বিশ্বাসযোগ্যতাৰ সন্দৰ্ভত তেওঁ কয় যে পূৰ্বৰ দিনৰ সাংবাদিকতাৰ আমেজ বেলেগ আছিল আৰু সাংবাদিকসকলৰ এক বিশেষ মৰ্যাদা আছিল। বৰ্তমান সেই পৰিস্থিতি আছে নে নাই সেয়া তেওঁ নিশ্চিতভাৱে নাজানে যদিও সাংবাদিকতাৰ বিশ্বাসযোগ্যতা এতিয়াও হেৰাই যোৱা নাই বুলি মন্তব্য কৰে। সমালোচনা গ্ৰহণ কৰাৰ মানসিকতা ৰাজনীতিবিদৰ থাকিব লাগিব বুলিও তেওঁ কয়। তেওঁৰ ভাষাত, “গণতন্ত্ৰ জীয়াই থাকিলৈকে সংবাদ মাধ্যমো জীয়াই থাকিব।”
ডিজিটেল সংবাদ মাধ্যম আৰু সাংবাদিকসকলৰ ক্ষেত্ৰত বিধানসভাৰ অধিবেশনৰ বাতৰি সংগ্ৰহৰ ক্ষেত্ৰত কিছুমান অসুবিধা থকাৰ কথাও তেওঁ স্বীকাৰ কৰে।
বিধানসভাৰ দুৰ্নীতি বা অনিয়মৰ অভিযোগৰ ক্ষেত্ৰত তেওঁ কয় যে এনে বিষয়ত প্ৰথমে তদন্ত কমিটি গঠন হ’ব লাগিব আৰু কমিটিৰ প্ৰতিবেদন অহাৰ পিছতহে ৰাজহুৱাভাৱে মন্তব্য কৰা উচিত।
যোগ দিৱসত ব্যয়বহুল পেণ্ডেল নিৰ্মাণৰ অভিযোগৰ প্ৰসংগত তেওঁ কয় যে পূৰ্বতে বিধানসভাৰ হলৰ ভিতৰত সীমিত সংখ্যক লোকে যোগাসন কৰিছিল। কিন্তু এতিয়া সেই কাৰ্যসূচী বাহিৰলৈ স্থানান্তৰ কৰা হৈছে, য’ত প্ৰায় ২০০ জনে একেলগে যোগাসন কৰিব পাৰে। “আমি কোনো আইনৰ ঊৰ্ধ্বত নহয়, সকলোৱে আইনৰ ওচৰ চাপিব পাৰে,” বুলি তেওঁ মন্তব্য কৰে।
বৃন্দাবনী বস্ত্ৰৰ প্ৰতি শৈশৱৰ পৰা থকা আগ্ৰহৰ কথাও উল্লেখ কৰি তেওঁ কয় যে অধ্যয়নৰ সুযোগ নাপালেও হাতেৰে চুই চোৱাৰ সপোন পূৰণ হৈছিল। লগতে ২০১৬ চনত বিজেপিৰ সভাপতি হৈ থকা সময়ৰ পৰাই ৰাতিপুৱা খোজকঢ়াৰ অভ্যাস গঢ়ি উঠিছিল আৰু সেই অভ্যাস আজিও অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে।
সাংবাদিকসকলৰ স্বাস্থ্য বীমাৰ দৰে কল্যাণমূলক বিষয়ত অধ্যক্ষ হিচাপে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়, সেই বিষয়তো চিন্তা-ভাবনা চলি আছে বুলি ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰে।

