Breaking

দুৰ্দশাৰ পৰা মুক্তি পোৱাৰ প্ৰচেষ্টাঃ চীন আৰু ইৰাণৰ পিছত উজবেকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি কৰিলে পাকিস্তানে

0 64

পাকিস্তানে ইয়াৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ দিনক দিনে কমি গৈছে। এনে পৰিস্থিতিত শ্ৰীলংকাৰ দৰে অৱস্থা হোৱাৰ উপকত্ৰম ঘটিছে পাকিস্তানৰ। দেশ খনে প্ৰায় দশকজুৰি অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি আছে। সংকটগ্ৰস্ত দেশখনক সহায় কৰিবলৈ মুঠ তিনিখন দেশ আগবাঢ়ি আহিছে। চীন আৰু ইৰাণৰ পিছত এইবাৰ উজবেকিস্তানেও পাকিস্তানৰ সৈতে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে ১ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে৷ শুকুৰবাৰে তাচখন্দত অনুষ্ঠিত পাকিস্তান-উজবেকিস্তান আন্তঃচৰকাৰী বাণিজ্য-অৰ্থনৈতিক আৰু বৈজ্ঞানিক-কাৰিকৰী সহযোগিতা আয়োগৰ (আইজিচি) ৮ম বৈঠকত এই চুক্তি স্বাক্ষৰিত হয়৷ পাকিস্তানৰ অৰ্থনৈতিক পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এই তথ্য প্ৰদান কৰিছিল। দুয়োখন দেশে সামগ্ৰী আৰু সেৱাৰ আদান-প্ৰদান ত্ৰান্হিত কৰিবলৈ চুক্তিত স্বাক্ষৰ কৰিছে। পাকিস্তানৰ চৰকাৰে এক চৰকাৰী বিবৃতিত এই কথা প্ৰকাশ কৰিছে।

ডনৰ প্ৰতিবেদন অনুসৰি বাণিজ্য , বেংকিং, উদ্যোগ আৰু উৎপাদন, বিনিয়োগ, বস্ত্ৰ উদ্যোগ, শক্তি, তেল আৰু প্ৰাকৃতিক সম্পদ, পৰিবহন আৰু যোগাযোগ, কৃষি আৰু পৰ্যটন ,সংস্কৃতি বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে আলোচনা কৰা হৈছে। দেশখনে আইএমএফৰ দ্বাৰা নিৰ্ধাৰিত চৰ্তাৱলী অনুসৰি ইয়াৰ নীতিবোৰ সংশোধন কৰি আহিছে। বিশ্ব বেংকে ইতিমধ্যে পাকিস্তানক পুঁজি যোগান ধৰা বন্ধ কৰি দিছে। পাকিস্তানৰ চৰকাৰে বিলাসী সামগ্ৰীৰ ওপৰত বিক্ৰী কৰ ২৫ শতাংশলৈ বৃদ্ধি কৰিছে। লগতে মন্ত্ৰী আৰু মন্ত্ৰীসভাৰ উপদেষ্টাসকলক তেওঁলোকৰ ভাট্টা আৰু ব্যয় হ্ৰাস কৰিবলৈ নিৰ্দেশ দিছে। দেশখনে ইন্ধন, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও বৃদ্ধি কৰিছে। ফলত সাধাৰণ লোকসকলে তেওঁলোকৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাটো কঠিন হৈ পৰিছে।পাকিস্তানত মুদ্ৰাস্ফীতি ৪১,৫৪ শতাংশলৈ বৃদ্ধি পাইছে। ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অব্যাহত আছে।পাকিস্তানৰ কেন্দ্ৰীয় বেংকে এই সপ্তাহৰ আৰম্ভণিতে সূতৰ হাৰ বৃদ্ধি কৰিবলৈ সাজু হৈছে।

Leave A Reply