দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে – তেওঁ দেশৰ কন্যা আৰু ভগ্নীসকলৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিবলৈ আহিছে। মোদীয়ে কয় যে নাৰী ক্ষমতাৰ উত্থানক স্তব্ধ কৰা হৈছে, আৰু কিছুমান দলে জাতি স্বাৰ্থতকৈ নিজৰ স্বাৰ্থক স্থান দিছে।
মোদীয়ে কয় যে নাৰী শক্তিয়ে বিৰোধীৰ মনোভাৱ দেখিছে। বিধেয়কখন বিফল হোৱাৰ সময়ত বিৰোধীয়ে টেবুলত থপিয়াই থকাৰ বাবে দুখ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বিৰোধী দলসমূহৰ সংকীৰ্ণ আৰু স্বাৰ্থপৰ ৰাজনীতিৰ বাবে আমাৰ দেশৰ মাতৃ-ভগ্নীসকলে ইয়াৰ পৰিণাম বহন কৰিবলগীয়া হৈছিল।’ প্ৰধানমন্ত্ৰীয়ে আৰু অভিযোগ কৰে যে কিছুমান বিৰোধী দলে বিধেয়কখনৰ পৰাজয় উদযাপন কৰিছিল আৰু লগতে কয় যে, যেতিয়া বিধেয়কখন গৃহীত হোৱা নাছিল, তেতিয়া এই বংশবাদী দলসমূহে হাত চাপৰি বজাইছিল। নাৰী শক্তি সংৰক্ষণ বিধেয়কৰ বিপৰ্যয়ৰ পাছত মহিলাৰ ওচৰত ক্ষমা খুজিলে প্ৰধানমন্ত্ৰী মোদীয়ে। প্রধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰি কয়, ‘‘‘কংগ্ৰেছ, DMK, TMC, SP মহিলা বিৰোধী।
কংগ্ৰেছ, DMK, TMC, SP পৰিয়ালতান্ত্ৰিক দল। নাৰীৰ সন্মানত আঘাত সানিলে বিৰোধীয়ে। বিৰোধীয়ে সংসদত বিধেয়ক গৃহীত নোহোৱাত তালি বজালে। যিসকলে তালি বজালে তেওঁলোকক নাৰী সমাজে মনত ৰাখিব। বিৰোধীয়ে কৰা পাপৰ ফল সময়ত ভুগিব।’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি দশক দশক ধৰি বিলম্বিত হৈ থকা মহিলাসকলক দীৰ্ঘদিন ধৰি বাকী থকা অধিকাৰ প্ৰদানৰ বাবে এই সংশোধনীৰ ৰচনা কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰত চৰকাৰৰ লক্ষ্য হৈছে ভাৰতৰ উন্নয়নৰ যাত্ৰাত মহিলাসকলক সক্ৰিয় অংশগ্ৰহণকাৰী কৰি তোলা আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ মূল অৱদানকাৰী হিচাপে তেওঁলোকক সবলীকৰণ কৰা। দেশৰ সকলো অঞ্চলকে সংসদত কণ্ঠদান কৰি বহল প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে লগতে দাবী কৰে যে কংগ্ৰেছে আঞ্চলিক দলসমূহৰ ভৱিষ্যতৰ ক্ষতি কৰিব পৰা “ষড়যন্ত্ৰ”ত লিপ্ত হৈছে, যাৰ ফলত বিধেয়কখনক লৈ চলি থকা বিবাদৰ মাজতে ৰাজনৈতিক আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নাৰী শক্তিৰ পদক্ষেপক একবিংশ শতিকাৰ মহিলা সবলীকৰণৰ লক্ষ্যৰে এক ‘মহাযজ্ঞ’ বুলি অভিহিত কৰে। ‘বংশীয় দল’ক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, মহিলা সবলীকৰণে তেওঁলোকৰ বাবে সংকটৰ সূচনা কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে ৰাজনীতিত মহিলাসকলৰ অধিক শক্তিশালী অংশগ্ৰহণে তেওঁলোকৰ নেতৃত্বৰ গাঁথনিৰ প্ৰতি অস্তিত্বৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলি বংশবাদী দলসমূহে আশংকা কৰিছে। প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে এনে দলসমূহে মহিলাসকলক নেতৃত্বৰ ভূমিকা ল’বলৈ অনুমতি দিবলৈ অনিচ্ছুক, ইয়াৰ পৰা অনুমান কৰিব পাৰি যে মহিলাসকলৰ প্ৰকৃত সবলীকৰণে তেওঁলোকৰ আভ্যন্তৰীণ ক্ষমতাৰ গতিশীলতাক বিঘ্নিত কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ‘‘এই বিধেয়কখন গৃহীত হ’লে প্ৰতিখন ৰাজ্যৰ আসনৰ সংখ্যা বৃদ্ধি হ’লহেঁতেন।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “নাৰীয়ে সকলো পাহৰি যায় কিন্তু নিজৰ অপমান কেতিয়াও পাহৰি নাযায়। এই দেশৰ মহিলাসকলে যেতিয়াই এই নেতাসকলক নিজৰ সমষ্টিত দেখিব, তেতিয়াই মনত ৰাখিব যে এই একেখিনি লোকে সংসদত মহিলাৰ সংৰক্ষণ বিধেয়ক বিফল হোৱাৰ পিছতো উদযাপন কৰিছিল।” কংগ্ৰেছক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘কংগ্ৰেছে ডিজিটেল ইণ্ডিয়াৰ লগতে GST সংস্কাৰৰ বিৰোধিতা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আৰু অভিযোগ কৰে যে, “কংগ্ৰেছ হৈছে সংস্কাৰ বিৰোধী দল, কংগ্ৰেছ ভুল তথ্য আৰু বিভ্ৰান্তি বিয়পাইছে।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিৰোধী নেতাসকলে ‘নিজৰ মানুহক প্ৰতাৰণা কৰিছিল’ আৰু দাবী কৰে যে সমাজবাদী পাৰ্টীয়ে ‘লোহিয়াৰ সপোন ধ্বংস কৰিছে।’

