Breaking

ধূলিৰ বাবে স্তব্ধ হ’ল এটা সদাব্যস্ত ৰাজপথ

0 1,523

বাক্সা জিলাৰ এটা সদাব্যস্ত ৰাজপথ, এই পথটোৰে জিলাখনৰ সদৰ মুছলপুৰলৈ জালাহ, শালবাৰী আদি ঠাইৰ পৰা অহা-যোৱা কৰে দৈনিক হাজাৰ হাজাৰ পথাচাৰী ৷ কিন্তু এই পথটোৱে এতিয়া জীয়তু ভোগাইছে ৰাইজক ৷ ধূলিৰ বাবে পথটোৰে অহা-যোৱা কৰা এতিয়া দুৰ্বিসহ হৈ পৰিছে ৰাইজৰ বাবে ৷ ছমাহ পূৰ্বে লোক নিৰ্মাণ বিভাগে পুনঃনিৰ্মাণৰ বাবে হাতত লোৱা পথটোৰ নিৰ্মাণকাৰ্য দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাত পথটো নিৰ্মাণৰ দাবীত আজি বৃহত্তৰ গাৰামদেউ, বন অহোপা, ভেহবাৰী, বেলগুৰি, পলাশগুৰি, ফুলগুৰি আদি অঞ্চলৰ ৰাইজে গাৰামদেউত পথ অৱৰোধ কাৰ্যসূচী হাতত লয় ৷ যাৰ ফলত আজি সেই পথটোৰে ৫ ঘন্টাৰ বাবে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ পুৱা ৮ বজাৰ পৰা ৰাইজে পথটো অৱৰোধ কৰি ঠিকাদাৰ তথা লোক নিৰ্মাণৰ বিভাগৰ বিৰুদ্ধে বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷উল্লেখ্য যে অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাক্সা জিলা সদৰ মুছলপুৰ সংযোগী জালাহ-মুছলপুৰ গড়কাপ্তানি পথটো নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল বি.টি.চিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই৷

সেইমতে সংশ্লিষ্ট ঠিকাদাৰে পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও ৰহস্যজনকভাৱে নিৰ্মাণৰ কাম বন্ধ হৈ পৰে ৷ ফলত উক্ত পথটোৰে যাতায়ত কৰাৰ ক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যথেষ্ট অসুবিধাৰ সম্মুখীন হৈ আহিছে ৷ বিভিন্ন সময়ত ওখোৰা-মোখোৰা তথা ধূলিময় পথটোত দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে ধূলিৰ বাবে পথটোৰ কাষত বসবাস কৰা লোক তথা কণ কণ শিশুসকল সঘনাই পানীলগা তথা চৰ্মৰোগত আক্ৰান্ত হ’বলগীয়া হৈছে ৷স্থানীয় ৰাইজে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাইও কোনো সুফল নোপোৱাত আজি স্বত:স্ফূৰ্তভাৱে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ওলাই আহি পুৱাৰে পৰা পথটো অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ আনকি স্থানীয় মহিলাসকলে পথৰ ওপৰতে নাগাৰা-তাল লৈ বিটিচি পৰিষদৰ সুমতি বিচাৰি নাম-কীৰ্তন কৰে ৷ পথটোৰ ওপৰত জুই জ্বলাই প্ৰায় তিনিঘন্টা সময় অৱৰোধ কৰি শীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনায় ৷ আনহাতে বি.টি.চিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই পথটোৰ নিৰ্মাণকাৰ্য অহা ছমাহৰ ভিতৰতে সম্পূৰ্ণ হ’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

Leave A Reply