বৃহস্পতিবাৰে সন্ধিয়া যন্তৰ মন্তৰত উপস্থিত হৈ আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ককৰোচ জনতা পাৰ্টিৰ আন্দোলনক মুকলিকৈ সমৰ্থন কৰে। বিগত ১৯ দিন ধৰি অনশন কৰি থকা সোণম ৱাংচুকক প্ৰশংসা কৰি প্ৰশংসা কৰি কেন্দ্ৰীয় চৰকাৰক যুৱক-যুৱতীসকলৰ কণ্ঠ শুনিবলৈ আহ্বান জনায়।
কেজৰিৱালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ঠাইত সোণম ৱাংচুকক নিযুক্তি দিবলৈও পৰামৰ্শ আগবঢ়ায়। কেজৰিৱালে যুৱক-যুৱতী, ককৰোচ আন্দোলন আৰু সোণম ৱাংচুকৰ কথা শুনিবলৈ চৰকাৰক আহ্বান জনায়। তেওঁ সকীয়াই দিয়ে যে, “নহ’লে তিনি বছৰৰ পাছত ২০১৪ চনৰ দৰে একে পৰিস্থিতিৰ সন্মুখীন হ’ব কেন্দ্ৰীয় চৰকাৰ।”
যন্তৰ-মন্তৰত অৰবিন্দ কেজৰিৱালে প্ৰথমে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেক সাক্ষাৎ কৰি আলিংগন কৰে। তাৰ পাছত সোণম ৱাংচুকৰ ওচৰলৈ গৈ অলপ সময় তেওঁৰ লগত কথা পাতিলে। ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং আৰু দিল্লী ৰাজ্যিক সভাপতি সৌৰভ ভৰদ্বাজো উপস্থিত থাকে। কেজৰিৱালে কয় যে সোণম ৱাংচুকে নিজৰ বাবে নহয়, দেশৰ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে অনশনত নিজৰ জীৱনকো তুচ্ছ কৰিছে।
প্ৰতিবাদকাৰীক সম্বোধন কৰি কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবাদকাৰীৰ দাবীক গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনায়। যুৱক-যুৱতীসকলৰ কণ্ঠক যদি অহৰহ আওকাণ কৰা হয়, তেন্তে ইয়াৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া হ’ব পাৰে বুলিও তেওঁ কয়। তেওঁ চৰকাৰক আলোচনাৰ পন্থা অৱলম্বন কৰি ছাত্ৰ-ছাত্ৰীক লৈ সমস্যাৰ সমাধান বিচাৰিবলৈ আহ্বান জনায়।
NEETৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ লগতে শিক্ষা ব্যৱস্থাক লৈ উত্থাপিত প্ৰশ্নৰ উদ্ধৃতি দি কেজৰিৱালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীক সমৰ্থন কৰে। তেওঁৰ মতে চৰকাৰক নতুন নেতৃত্ব দিয়া উচিত বুলি উল্লেখ কৰি তেওঁ শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া কামৰ প্ৰতি লক্ষ্য ৰাখি সোণম ৱাংচুকক দেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়ায়।

