Breaking

ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…

0 8

কেতিয়া পৰিস্থিতি সাপেক্ষে নিয়ম ভাঙিবলগীয়াও হয়৷ শেহতীয়াকৈ কেৰালা উচ্চ ন্যায়ালয়ে ধৰ্ষণৰ বলি হোৱা মহিলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷ কেৰালা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ধৰ্ষণৰ ভুক্তভোগী এগৰাকীক সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি। কেৰালা উচ্চ ন্যায়ালয়ে এক গোচৰত কয়, “সংবিধানৰ ৩(২) অনুচ্ছেদে স্পষ্টকৈ কৈছে যে যেতিয়া এগৰাকী ব্যক্তি ধৰ্ষণৰ ফলত গৰ্ভৱতী হয়, মহিলাগৰাকী মানসিকভাৱে ভাঙি পৰে। ফলস্বৰূপে, ভুক্তভোগীগৰাকীক কোনো প্ৰকাৰে ধৰ্ষণকাৰীৰ সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি।

ধৰ্ষণৰ ভুক্তভোগী এগৰাকীক গৰ্ভপাত কৰিবলৈ নিদিয়াৰ অৰ্থ হৈছে মাতৃত্বৰ বোজা তেওঁৰ ওপৰত জাপি দিয়া। সন্মানৰ সৈতে জীয়াই থকাৰ অধিকাৰ নোহোৱা কৰা। এয়া মহিলাগৰাকীৰ মানসিক স্বাস্থ্যৰ বাবে এক তীব্ৰ আঘাত। “
এগৰাকী ১৬ বছৰীয়া ধৰ্ষণৰ ভুক্তভোগীয়ে গৰ্ভপাত বিচাৰি তেওঁৰ মাতৃৰ জৰিয়তে আদালতৰ কাষ চাপিছিল। নৱম শ্ৰেণীত থাকোতে তেওঁক ১৯ বছৰীয়া ‘প্ৰেমিকে’ ধৰ্ষণ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

অৱশ্যে, সংবিধান অনুসৰি, গৰ্ভপাতৰ সৰ্বাধিক সীমা হৈছে ২৪ সপ্তাহ (কিছু ক্ষেত্ৰত ব্যতিক্ৰম আছে)। কিন্তু যেতিয়া নাবালিকাগৰাকীয়ে আদালতৰ কাষ চাপিছিল, তেওঁ ২৮ সপ্তাহৰ গৰ্ভৱতী আছিল। এই ক্ষেত্ৰত আদালতে কয় যে ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰিব৷ গোচৰটোৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে তেওঁক গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰে৷

Leave A Reply