Breaking

নতুনকৈ আৰু পঞ্চাশ হাজাৰক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ

0 18

মঞ্চত গীতৰ তালে তালে নাচিলে মুখ্যমন্ত্ৰীয়ে

দেৱব্ৰতে চিঠিৰ দ্বাৰাইহে সমস্যাৰ সমাধা বিছাৰে – মুখ্যমন্ত্ৰী

তপন গগৈৰ হৈ নাজিৰাত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা

দিলীপ হাজৰিকা : নাজিৰা ৬এপ্ৰিল :- বি জে পি মিত্ৰজোঁটৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ মেজেঙ্গা খেল পথাৰত বিশাল এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় । নাজিৰা সমষ্টিৰ নাজিৰা , পিয়লি ফুকন ,শিমলুগুৰি, আমগুৰি মণ্ডলৰ উদ্যোগত কেইবাশতাধিক ৰাইজৰ উপস্থিতিত তপন গগৈৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈকে আৰু উজনিৰ পৰা নামনিৰ লৈকে সকলোৱে নৰেন্দ্ৰ মোদীক পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো বিছাৰে ।যোৰহাটত তপন গগৈক ভোট দিলে নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী হব বুলি কৈ মুখ্যমন্ত্ৰীয়ে সম্মুখৰ সহস্ৰাধিক ভোটাৰ ৰাইজক উদ্দেশ্যি কয় আপোনালোকে আগতে বহুত প্ৰধানমন্ত্ৰী দেখিলে জৱহৰলাল নেহেৰুৰ পৰা ইন্দিৰা গান্ধী , ৰাজীৱ গান্ধী আৰু ডঃ মনমোহন সিঙলৈকে ।

এইলোকৰ ডিঙিত কোনোবাদিনা আমাৰ গামোচাখন দেখিছিলেনে । কিন্তু নৰেন্দ্ৰ মোদীয়ে দেশ বিদেশৰ যিকোনো ঠাইলৈ গলেই আমাৰ বাপোতি সাহোন গামোচাখন ডিঙিত লৈ গৈছিল আৰু আমাৰ স্বাভিমান গামোচাখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে বুলি ভাষণৰত উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় আজি কেইদিনমানৰ পূৰ্বে কাজিৰঙালৈ আহোতে নৰেন্দ্ৰ মোদীয়ে এনিশা কাজিৰঙা ত কটাই । ইয়াৰ পূৰ্বে কোনো প্ৰধানমন্ত্ৰী কাজিৰঙাত কটোৱাৰ নজিৰ আছে নেকি বুলিও কয় । যোৰহাটলৈ আহি ১৪৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি নৰেন্দ্ৰ মোদীয়ে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে নৰেন্দ্ৰ মোদীয়ে আজিলৈকে ২৬ বাৰ অসমলৈ আহিছে ।

ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হল ডাবল ইঞ্জিন চৰকাৰৰ নেতৃত্বত আজি দুখীয়া মানুহে চাউল পাইছে ,কভিদৰ সময়ত ভেকচিন পাইছে আৰু অসমত এতিয়া উন্নয়ন আৰু প্ৰগতিৰ ঢল বৈছে । অসমত এতিয়া গুলী বাৰুদৰ শব্দ বিলাক নোহোৱা হৈছে । চাৰিওফালে এতিয়া শান্তি আৰু প্ৰগতি বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যি ডেকা লৰাই এটা সময়ত সহস্ত্ৰ সংগ্ৰামৰ পথ লৈছিল আজি সেই লৰাই মোক প্ৰশ্ন কৰে দাদা পুলিচৰ ইন্টাৰভিউ কেতিয়া হব। মানুহে এতিয়া বুজি পালে অসমখন প্ৰগতি হৈছে আমাৰ সমস্যাসমূহ নোহোৱা হৈছে । আমাৰ অসমখন ভাৰতৰ ভিতৰতেই সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিণত হব পাৰে বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বগীবিল,ঢলা শদিয়াত দলং হল , মাজুলীৰ দুয়োপাৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হল , কাজিৰঙাত ৩২ কিঃমিঃ দৈঘ্যৰ উৰণীয়া হেতুৰ কাম আৰম্ভ হৈছে । চিকিৎসাৰ ক্ষেত্ৰতো ডিব্ৰুগড়ৰ পিছত শিৱসাগৰ , চৰাইদেউত মেডিকেল কলেজ হব বুলি কোনেও ভবা নাছিল । আনকি যোৰহাট ,।গোলাঘাটতো মেডিকেল কলেজ হব বুলিও কোনেও ভবা নাছিল বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীবাসীকো কয় আহিছো তাতো এখন মেডিকেল কলেজ হব বুলি ।

কোনেও ভবা নাছিল আমাৰ অসমখনত ইমানেই পৰিবৰ্তন হব বুলি । নিৰ্বাচনৰ আগত এক লাখ চাকৰি দিম বুলি কওতে মোক কোনেও বিশ্বাস কৰা নাছিল আৰু ভাবিছিল এক লাখ চাকৰি কৰ পৰা দিব । দুই এহাজাৰ দি টকাৰ লেনদেন কৰিব । আজি এক লাখ চাকৰি দিওতে কোনেও কব নোৱাৰে চাকৰিৰ নামত কোনো দালালে এক টকাও খোৱা বুলি । মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে কৈছিল এক লাখ চাকৰি কৰ পৰা দিব । এক লাখ দিলো আৰু পঞ্চাশ হাজাৰ চাকৰি আৰু দিম বুলিও কথা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দুখীয়া , মধ্যবিত্ত লৰা ছোৱালীয়ে আজি এটকাও নিদিয়াকৈ এ পি এছ , এচি এচ চাকৰি পাইছে । কেন্দ্ৰ আৰু ৰাজ্যত ডাবল ইঞ্জিন থকা চৰকাৰৰ কাৰ্যকালত চাকৰিৰ লগতে অৰোণোদয় , ৰেচন কাৰ্ড ,লাখপতি বাইদেউ , বসুন্ধৰা আঁচনিৰ যোগেদি দৰিদ্ৰ ৰাইজ উপকৃত হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । মোদী গেৰান্তি মামা ৱাৰেন্টি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় মেট্ৰিক পাছ কৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আজিৰ পৰা মই লৈছো । মেট্ৰিকত পাছ কৰা সকলো ছোৱালীয়ে বছৰি দহ হাজাৰ টকা , উচ্চতৰ পাছ কৰিলে ১২,৫০০ টকা , আৰু ডিগ্ৰী পাছ কৰিলে পশিছ হাজাৰ টকাকৈ প্ৰত্যেক গৰাকী ছাত্ৰীয়ে লাভ কৰিব ।

ইফালে এবছৰৰ ভিতৰত ৰেচন কাৰ্ড থকা সকলো হিতাধিকাৰীয়ে অৰোণোদয় আঁচনি লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৰেচনকাৰ্ড থকা পৰিয়ালটোৰ উপাৰ্জন কৰা লোকজনক চৰকাৰে বীমা কৰোৱাই দিব আৰু ব্যক্তিজনৰ আকস্মিক মৃত্যু হলে বীমাকৰণৰ যোগেদি নমিনিয়ে টকা পাব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণৰত কয় । চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰোৱাৰ কথা উল্লেখ কৰি নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতিক দেৱব্ৰত শইকীয়াক কটাক্ষ কৰি কয় যে নাজিৰাৰ সমস্যাৰ ক্ষেত্ৰত চিঠিৰ দ্বাৰাইহে জনাই ।

গতিকে এনে জনপ্ৰতিনিধিৰ পৰা ৰাইজে কি আশা কৰিব আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক যোৰহাটত জয়ী কৰালে উন্নয়নৰ বিপৰীতে অধিক সমস্যাৰহ সৃষ্টি হব বুলি এইবাৰ তপন গগৈক বিপুল ভোটতত জয়যুক্ত কৰাবলৈ সকলোকে আহ্বান কৰে । ইফালে মঞ্চত সকলোৰে লগত আৰম্ভণি আৰু সামৰণিত গীতৰ তালে তালে নাচি সকলোকে আনন্দৰ খোৰাক দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে একেলগে একপি চেলফি তোলাৰ হেতা ওপৰা কৰে মহিলাসকলে । আজিৰ এই নিৰ্বাচনী সভাত পদ্মলোচন দাস , টাই আহোম উন্নয়ণ পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই , নৱনীতা সন্দিকৈ , শিৱা ভদ্ৰাকে ধৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে । আজিৰ এই প্ৰচাৰ সভাতেই বহুকেইজন ব্যক্তিয়ে বি জে পিত যোগদান কৰে ।

Leave A Reply