নলবাৰী জিলাৰ টিহুত সদৌ অসম কবি সন্মিলনৰ উদ্যোগত টিহু শাখা কবি সন্মিলনখন ৰবিবাৰে টিহু ৰাজহুৱা পুথিভঁৰালত অনুষ্ঠিত এক সভাত গঠন কৰা হয়। এই উপলক্ষে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী বিষয় শিক্ষক শংকৰ কুমাৰ দাসৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। শিক্ষয়িত্ৰী হীৰামণি হালৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু শিক্ষয়িত্ৰী অলকা বুজৰবৰুৱাই আঁতধৰা সভাখনত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃনাল কুমাৰ বৰা, সদৌ অসম কবি সন্মিলনৰ সাধাৰণ পৰিষদৰ সদস্য শোভন কুমাৰ মেধি, বৰক্ষেত্ৰী শাখা কবি সন্মিলনৰ সম্পাদক, জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলৰ শিক্ষক, যুৱ কবি, লেখক পিংকুমণি ৰায় চৌধুৰী আদিয়ে কবি সন্মিলনৰ লক্ষ্য,উদ্দেশ্য, প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায়।
সভাত হাৰিভাংগা শাখা সাহিত্য সভাৰ সভাপতি ৰাজেন্দ্ৰ নাথ শৰ্মা,নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা, সাহিত্যসেৱী বিমান কলিতা, টিহু সাহিত্য সভাৰ উপ-সভাপতি অজিত কুমাৰ শৰ্মা,কবি নিৰঞ্জন দত্ত,আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গুণজ্যোতি পাঠক, সাংবাদিক লিখন ঠাকুৰীয়া,অৱসৰী শিক্ষয়িত্ৰী নীলিমা দেৱী ভাগৱতী, অৱসৰী অধ্যাপিকা ড০ সাৱিত্ৰী বেজবৰুৱা আদিয়ে বক্তব্য আগবঢ়ায়।
উক্ত সভাতে অলকা বুজৰবৰুৱাক সভাপতি, ড০ সাৱিত্ৰী বেজবৰুৱা আৰু নিৰঞ্জন দত্তক উপ-সভাপতি, হীৰামণি হালৈক সম্পাদক,গুণজ্যোতি পাঠক আৰু দীপিকা দাসক সহকাৰী সম্পাদক, পাপৰি দেৱীক পত্ৰিকা সম্পাদক, লিখন ঠাকুৰীয়াক প্ৰচাৰ সম্পাদক, কনিকা বৰ্মনক কোষাধ্যক্ষ,মীনা তালুকদাৰক সাংগঠনিক সম্পাদক হিচাপে লৈ টিহু শাখা কবি সন্মিলনখন গঠন কৰা হয়। লগতে শংকৰ কুমাৰ দাস, ৰাজেন্দ্ৰ নাথ শৰ্মা, ড০ মঞ্জু হালৈ,নীলিমা দেৱী ভাগৱতী, ড০ কমলা ডেকা, ড০ সুৰজিত বৰ্মন,অজিত কুমাৰ শৰ্মা, পংকজ বেজবৰুৱা আৰু বীণাপাণি কলিতা পাঠকক উপদেষ্টা হিচাপে নিৰ্বাচিত কৰা হয়। শেষত কেবাগৰাকী কবিয়ে কবিতা পাঠ কৰাৰ লগতে গীত-মাত পৰিৱেশন কৰে। শেষত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰাই সদৌটিকে কাব্যমন্ত্ৰ পাঠ কৰোৱায়।

