নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা
১৯ জুলাই সন্ধিয়া সময়ৰেপৰা দিখৌ নদীৰ বাঢ়নী পানীয়ে বৃহত্তৰ নাজিৰাত ইতিহাসত প্ৰথমবাৰৰ বাবে সৃষ্টি কৰা জলপ্ৰলয়ত সৰ্বস্বান্ত হৈ পৰিছে জনগণ । বৰ্তমানেও প্ৰান্তে প্ৰান্তে বহু ঘৰ দোৱাৰ পানীৰ তলত ডুব গৈ আছে । হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন সংকটময় পৰিস্থিতিয়ে দেখা দিছে বহু লোক। বাঢ়নী পানীত ডুব গৈ জীৱন হেৰুৱাইছে । তাৰ সমান্তৰালকৈ পশুধনৰো জীৱন ধ্বংস কৰিছে ।

তেনে সময়তে নাজিৰাৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে আজি উপস্থিত হয়হি এ আই ইউ চি এফ ৰ মুৰব্বী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাব।
বানত বিধ্বস্ত নাজিৰাৰ চন্টক অঞ্চলত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় আজমল চাহাবে। ইয়াৰ পূৰ্বে তেওঁ নাজিৰাৰ বানাক্ৰান্ত ৰাইজৰ বাবে ২ কোটি টকাৰ সাহায্য ঘোষণা কৰিছিল ।

বানত জহি-খহি যোৱা নাজিৰা অঞ্চলৰ প্ৰতিটো নামঘৰ আৰু মন্দিৰৰ মেৰামতিৰ বাবে ২৫ লাখ টকাকৈ অনুদান আগবঢ়োৱাৰ ঘোষণা কৰে। লগতে বানৰ এই কঠিন পৰিস্থিতিত দিনে-নিশাই বাতৰি সংগ্ৰহ কৰি থকা সংবাদকৰ্মী সকলৰ বাবেও ৫০০০ আৰু ১০,০০০ টকাকৈ সাহায্য ঘোষণা কৰে মৌলানা আজমলে।বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰকৃত বুজ ল’বলৈ তেওঁ পৰৱৰ্তী দুটা দিন নাজিৰাতে থাকিব বুলি জানিবলৈ দিয়ে। এই দুদিনত তেওঁ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজক সাক্ষাৎ কৰিব।


