Breaking

নাম সলনিৰ পিছত ৩১ জানুৱাৰীত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব ৰাষ্ট্ৰপতি ভৱনৰ অমৃত উদ্যান

0 76

নাম সলনিৰ পিছতে প্ৰথমবাৰৰ বাবে মুকলি হ’ব ৰাষ্ট্ৰপতি ভৱনৰ চালে চকুৰোৱা মোগল গাৰ্ডেন। পূৰ্বৰ মোগল গাৰ্ডেনৰ নাম সলনি কৰি এতিয়া ৰখা হৈছে অমৃত উদ্যান। কেন্দ্ৰীয় চৰকাৰে নতুন দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনৰ উদ্যান মোগল গাৰ্ডেনৰ নাম সলনি কৰি অমৃত উদ্যান কৰিছে।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘অমৃত মহোৎসৱ’ৰ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে মোগল গাৰ্ডেনৰ নাম সলনি কৰি অমৃত উদ্যন ৰাখিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উপ-প্ৰেছ সচিব নাভিকা গুপ্তাই এই সন্দৰ্ভত জনাইছে যে, “স্বাধীনতাৰ ৭৫ বছৰ উদযাপন উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাগিচাসমূহক অমৃত উদ্যান নামেৰে এক উমৈহতীয়া নাম দিছে৷”

নতুনকৈ নামাকৰণ কৰা এই অমৃত উদ্যান খন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে উদ্বোধন কৰে। ৩১ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ দুমাহৰ বাবে ৰাইজৰ বাবে নতুনকৈ নামাকৰণ কৰা অমৃত উদ্যানখন মুকলি থাকিব। সাধাৰণতে, বাগিচাখন ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ এমাহৰ বাবে ৰাইজৰ দৰ্শনৰ বাবে মুকলি থাকে। এই সময়ছোৱাত এই উদ্যানখনৰ ফুলবোৰ সম্পূৰ্ণকৈ শোভা বৰ্ধন কৰি থাকে।

নাভিকা গুপ্তাই কয় যে, এতিয়াৰে পৰা ৰাইজৰ দৰ্শনৰ বাবে দুমাহৰ বাবে এই উদ্যানখন মুকলি থাকিব। ইয়াৰোপৰি কৃষক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও বিশেষ দিনত এই উদ্যান খোলা থাকিব।

ৰাষ্ট্ৰপতি ভৱনৰ এক বিবৃতি অনুসৰি, বাগিচাসমূহ ২৮ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ কৃষক (২৮ মাৰ্চত), প্ৰতিৰক্ষা কৰ্মী, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী (৩০ মাৰ্চত), আৰু মহিলাসকল(৩১ মাৰ্চত, জনজাতীয় মহিলা এছএইচজিসহ)ৰ দৰে বিশেষ শ্ৰেণীৰ লোকসকলৰ বাবে মুকলি থাকিব।

Leave A Reply