শেহতীয়াকৈ ভয়াৱহ বানৰ কৱলত পৰা শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ বিহুবৰ সংলগ্ন নেপালীখুটি অঞ্চললৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা যেতিয়া পৰিদৰ্শনৰ বাবে গৈছিল, তেতিয়া এক অভূতপূৰ্ব তথা মৰ্মস্পৰ্শী দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈছিল। চৰকাৰী আঁচনি, অৰুণোদয় বা আৰ্থিক সাহায্য বিচৰা ভিৰৰ মাজৰ পৰা ব্যতিক্ৰমী ৰূপত ওলাই আহিছিল এগৰাকী সাহসী স্থানীয় যুৱতী। তেওঁ মুখ্যমন্ত্ৰীৰ ওচৰত আঁঠু লৈ, হাতজোৰ কৰি চকুলো টুকি কোনো ব্যক্তিগত চৰকাৰী সাহায্য বিচৰা নাছিল; বৰঞ্চ হাতজোৰ কৰি কাকুতি কৰিছিল “অনুগ্ৰহ কৰি আমাৰ এই অঞ্চলত চলি থকা পাহাৰ কটা আৰু দিখৌ নদীৰ বুকুৰ অবৈধ খনন বন্ধ কৰক, অন্যথা আমাৰ গাঁও ধ্বংস হৈ যাব”। চৰকাৰী আঁচনিৰ নগদ ধনতকৈও নিজৰ জন্মভূমিক সুৰক্ষিত কৰাৰ এই যি ব্যাকুলতা, সেয়া আছিল বৰ্তমান সমাজ ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ আৰ্তনাদ আৰু এক তীব্ৰ চৰ্মপ্ৰহাৰ।

কিন্তু এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা যি প্ৰতিক্ৰিয়া পোৱা গ’ল, সি সচেতন মহলক আশাহত কৰাৰ লগতে এক ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিলে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে যে এই খনন কাৰ্যৰ সৈতে বহু স্থানীয় লোকৰ ‘জীৱিকা’ জড়িত হৈ আছে, গতিকে বিষয়টো তদন্ত কৰিব লাগিব। কিন্তু ইয়াত আটাইতকৈ চিন্তনীয় প্ৰশ্নটো হ’ল— একাংশ লোকৰ ‘অবৈধ জীৱিকা’ৰ দোহাই দি সমগ্ৰ অঞ্চলটোৰ হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন আৰু সম্পত্তি বিপন্ন কৰিব পৰা যায়নে? যি খননে সমগ্ৰ অঞ্চলটোলৈ অভিশাপ নমাই আনিছে, তাক কেৱল ‘জীৱিকা’ৰ চশমাৰে চোৱাটো কিমান দূৰ যুক্তিসংগত?
কিন্ত দিখৌ নদীৰ অস্বাভাৱিক বাঢ়নী পানী আৰু ইয়াৰ ফলত হোৱা দুৰ্যোগ কোনো আকস্মিক প্ৰাকৃতিক ঘটনা নহয়, ই মানৱসৃষ্ট দুৰ্যোগহে। বিশেষজ্ঞ আৰু পৰিৱেশবিদসকলে বাৰম্বাৰ সঁকীয়াই আহিছে যে নদীৰ বুকুত অবৈজ্ঞানিকভাৱে চলোৱা খননে নদীৰ স্বাভাৱিক গতি সলনি কৰে আৰু নদীৰ তলিভাগ সম্পূৰ্ণ দুৰ্বল কৰি পেলায়। ক্ষন্তেকীয়া আৰ্থিক লাভালাভ বা একাংশ মাটি তথা খনন মাফিয়াৰ টকাৰ লোভৰ বলি হৈ আজি সমগ্ৰ নাজিৰা আৰু শিৱসাগৰবাসীয়ে চৰম মূল্য ভৰিবলগীয়া হৈছে। একাংশ থলুৱা লোকেও দিনহাজিৰা বা অলপ পইচাৰ আশাত এই মাফিয়া অহংকাৰৰ অংশীদাৰ হৈ পৰিছে। ই যেন নিজৰ ভৰিত নিজেই কুঠাৰ মৰাৰ এক ভয়ংকৰ উদাহৰণ। নদীক কৰা এই ধৰ্ষণৰ পৰিণতি যে কিমান ভয়াৱহ হ’ব পাৰে, তাৰ প্ৰমাণ নেপালীখুটিৰ একাঁঠু বোকা আৰু সৰ্বস্ব হেৰুওৱা মানুহবোৰৰ চকুলোৱে দিছে।
ৰজাঘৰীয়া ছত্ৰছায়া আৰু দালালৰ ৰাজত্ব: এক গভীৰ ক্ষত
বিহুবৰ, লক্ষ্মীজান আৰু অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত দীৰ্ঘদিনৰ পৰা দিখৌ নদীৰ বুকুত অবাধে শিল-বালিৰ খনন আৰু পাহাৰ কাটি কয়লাৰ অবৈধ কাৰবাৰ চলি অহাৰ গুৰুতৰ অভিযোগ নতুন নহয়। বন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ নাকৰ তলতে এই সমগ্ৰ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ থকাটো এতিয়া কোনো গোপন ৰহস্য হৈ থকা নাই। সচেতন ৰাইজৰ অভিযোগ অনুসৰি, ৰাজনৈতিক ক্ষমতাৰ আশীৰ্বাদপুষ্ট একাংশ শাসকীয় দলৰ দালাল আৰু মাফিয়াৰ ছত্ৰছায়াতে এই ধ্বংসলীলা চলি আহিছে। যেতিয়ালৈকে শাসনযন্ত্ৰৰ কোনো অংশই ইয়াত মৌন সন্মতি বা পৰোক্ষ সহযোগিতা নিদিয়ে, তেতিয়ালৈকে ইমান বৃহৎ পৰিসৰত JCB বা Heavy Machinery ব্যৱহাৰ কৰি নদী আৰু পাহাৰ তহিলং কৰা কেতিয়াও সম্ভৱ নহয়। বন বিভাগৰ একাংশ বিষয়া আৰু কৰ্মচাৰীৰ ছত্ৰছায়াত দিখৌ নদীত দিনে-নিশাই অবৈধ শিল আৰু বালি খননৰ কাৰ্য চলাই থকা হৈছে। আনাহাতে এই শিল-বালিৰ খনন কাৰ্যৰ সৈতে স্থানীয় এক বৃহৎ সংখ্যক লোকৰ জীৱিকাও পোনপটীয়াভাৱে সাঙোৰ খাই আছে।
পিছপৰা আৰু সীমান্তৱৰ্তী অঞ্চলসমূহৰ বহুত স্থানীয় যুৱক আৰু শ্ৰমিকৰ বাবে নদীৰ পৰা শিল-বালি তোলা, ট্ৰাকত বোজাই কৰা আদি কামসমূহেই উপাৰ্জনৰ একমাত্ৰ সহজ মাধ্যম হৈ পৰিছে। বিকল্প কৰ্মসংস্থাপনৰ অভাৱৰ বাবে তেওঁলোকে অনিচ্ছা সত্ত্বেও এই দুষ্টচক্ৰৰ জালত ভৰি দিবলগীয়া হয়।
ইফালে বন বিভাগৰ একাংশ বিষয়া আৰু বালি মাফিয়াৰ দুষ্টচক্ৰটোৱে স্থানীয় দৰিদ্ৰ লোকসকলৰ এই বাধ্যবাধকতা বা জীৱিকাৰ প্ৰয়োজনীয়তাক নিজৰ স্বাৰ্থত ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে স্থানীয় লোকক নামমাত্ৰ হাজিৰা দি নিজে কোটি কোটি টকাৰ অবৈধ লাভালাভ আদায় কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া।
দল-সংগঠনৰ ৰহস্যজনক মৌনতা আৰু বিধায়কৰ ভূমিকা:
আটাইতকৈ আশ্চৰ্যজনক আৰু চিন্তনীয় কথাটো হ’ল, অসমৰ জাতীয় স্বাৰ্থ, মাটি-ভেটি বা থলুৱাৰ অধিকাৰৰ নামত দিনে-নিশায়ে সৰৱ হোৱা স্থানীয় ছাত্ৰ-যুৱ সংগঠনসমূহ এই স্পৰ্শকাতৰ বিষয়টোত ৰহস্যজনকভাৱে নিমাত। হয়তো শিৱসাগৰ জিলাখনতে আটাইতকৈ বেছি জাতীয় সংগঠন আছে। কাঠফুলাৰ দৰে গঢ়ি উঠা এই জাতীয় সংগঠনসমূহে মিঞা খেদা আন্দোলনৰ নামত বাতৰিৰ শিৰোণাম দখল কৰিছিল। কেতিয়াবা কয়লা গাড়ীৰ পৰা টকা লোৱা, চোৰাং গৰু কঢ়িয়াই নিয়া গাড়ীৰ টকা লোৱাৰ অভিযোগ এই সংগঠনসমূহৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে। কিন্তু দিখৌৰ বুুকুত অবৈধ বালি খনৰৰ বিৰুদ্ধে অতি ৰহস্যজনকভাৱে মৌন শিৱসাগৰৰ জাতীয় দল-সংগঠনসমূহ। প্ৰকৃতিৰ ওপৰত এনে অত্যাচাৰ চকুৰ আগত দেখিও কেনেকৈ এই সংগঠনসমূহ মৌন হৈ থাকিব পাৰে? এই মৌনতাই জনমানসত স্বাভাৱিকতে সন্দেহৰ সৃষ্টি কৰিছে—তেওঁলোকেও এই ছিণ্ডিকেটৰ কোনো অদৃশ্য ভাগ পাইছে নেকি? নে ক্ষমতাৰ ওচৰত তেওঁলোকে আঁঠু কাঢ়িছে?
আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, যি সদায় এনে দুৰ্নীতি বা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আটাইতকৈ সৰৱ ভূমিকা লয় বুলি দাবী কৰে, তেওঁৰ ভূমিকাক লৈও এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। যিজন নেতাই বিধানসভাৰ মজিয়াত বা ৰাজপথত প্ৰতিবাদৰ ধুমুহা তোলে, তেওঁৰ নিজৰ গৃহ জিলাতে নদী খনন কৰি বালি মাফিয়াই তাণ্ডৱ চলাই থকাৰ পিছতো কিয় এক বলিষ্ঠ আৰু নিৰ্ণায়ক আন্দোলন গঢ়ি তোলা নাই? একাংশ ক্ষুব্ধ ৰাইজৰ মাজত চৰ্চা হৈছে— এই প্ৰতিবাদবোৰ কেৱল সংবাদ মাধ্যমত জিলিকি থকাৰ বাবেহে নেকি? নে ইয়াৰ অন্তৰালতো কিবা ৰাজনৈতিক ভাগ-বতৰা বা বুজাবুজি লুকাই আছে? বিৰোধী দলৰ স্থানীয় নেতাসকলে ছাত্ৰ অৱস্থাৰ পৰাই আন্দোলনৰ নেতৃত্ব দি আহিছে, কিন্তু আজি ব্যৱহাৰিক ক্ষেত্ৰত তেওঁলোকৰ নীৰৱতাই হতাশ কৰিছে।
নেপালীখুঁটিৰ সেই অচিনাকি যুৱতীগৰাকীয়ে কেৱল মুখ্যমন্ত্ৰীক আহ্বান জনোৱা নাছিল, তেওঁ আচলতে সমগ্ৰ অসমবাসীৰ শুই থকা বিবেকক জোকাৰি পেলালে। চৰকাৰী বিনামূলীয়া চাউল বা সাহায্যৰ ধনেৰে কোনো এটা অঞ্চলৰ দীৰ্ঘম্যাদী সুৰক্ষা আৰু ভৱিষ্যত নিশ্চিত কৰিব নোৱাৰি। যদিহে নাজিৰা-বিহুবৰৰ দিখৌ নদী আৰু সংলগ্ন পৰিৱেশক এই মাফিয়া চক্ৰৰ কৱলৰ পৰা মুক্ত কৰা নহয়, তেন্তে ভৱিষ্যতে ইয়াতকৈও ভয়ংকৰ বান আৰু খহনীয়াই সমগ্ৰ অঞ্চলটোকে নিশ্চিহ্ন কৰি পেলাব। এতিয়াও সময় আছে, প্ৰশাসনে কেৱল ‘তদন্ত হ’ব’ বুলি দায়সৰা মন্তব্য নিদি এই অবৈধ খননৰ বিৰুদ্ধে ‘শূণ্য সহনশীলতা’ নীতি গ্ৰহণ কৰিব লাগে। একে সময়তে স্থানীয় ৰাইজেও ক্ষন্তেকীয়া স্বাৰ্থ বা ভয় ত্যাগ কৰি নিজৰ নদী আৰু প্ৰকৃতিক সুৰক্ষা দিবলৈ একগোট হৈ থিয় দিয়াৰ সময় সমাগত।

