Breaking

নুমলীগড়ত বাঘৰ আক্ৰমণত আহত ১

0 117

ভাৰত দাস, নুমলীগড়
নুমলীগড়ত অব্যাহত আছে বনৰজাৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত পুনৰ আহত হয় এজন ব্যক্তি৷ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ঢলাগুৰি চাহ বাগিচাত শনিবাৰে বাঘৰ আক্ৰমণত লোকজন আহত হয়। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজন অনুক কুৰুৱা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আহত লোকজনক সমীপৱৰ্তী ধলাগুৰি চাহ বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মন কৰিব লগীয়া যে নুমলীগড়ত যোৱা ডেৰ মাহৰ ভিতৰত সংঘটিত বাঘৰ আক্ৰমণৰ এইটো চতুৰ্থটো ঘটনা।

Leave A Reply