পত্নীৰ মৃতদেহ কুকুৰক খোওৱাৰ পৰিকল্পনা কৰিছিল ৰামানুজনে। প্ৰথমে পত্নীক হত্যা, পিছত পত্নীৰ ছিন্নমুণ্ড ফ্ৰীজত ৰাখে ৰামানুজনে। পৰকীয়া প্ৰেমৰ বাবেই পত্নীক হত্যা কৰা বুলি স্বীকাৰোক্তি ৰামানুজনৰ। ৰিয়াৰ পৰিত্যক্ত শৰীৰৰ কাষতে ২দিন ভাত ৰান্ধি খাইছিল ৰামানুজে। ফ্ৰীজটোৰ পৰা উলিয়াই খাইছিল ঠাণ্ডাপানী। সেই পৰিত্যক্ত শৰীৰটো কুকুৰক খোওৱাৰ পৰিকল্পনা কৰিছিল স্বামী ৰামানুজনে।
গুৱাহাটী মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত হত্যাকাণ্ড। ৰিয়া তালুকদাৰ নামৰ এগৰাকী মহিলাক হত্যা। কোঠাৰ ভিতৰত হত্যা কৰি পেলাই থৈ গ’ল। বশিষ্ঠপুৰ বাইলেন ৪ নম্বৰত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ হাতীগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তাৰ পিছতে ৰিয়াৰ হত্যাকাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিল।
অতি নৃশংসভাৱে ৰিয়া তালুকদাৰক হত্যা কৰিলে স্বামীয়ে। স্বামী ৰামানুজন গোস্বামীয়ে হত্যা কৰিলে ৰিয়াক। ৰিয়াৰ ছিন্নমুণ্ড ফ্ৰীজত ভৰাই ৰাখিছিল হত্যাকাৰী স্বামীয়ে।মজিয়াত পৰি আছিল উলংগ দেহ। কোঠাৰ ভিতৰত হত্যা কৰি পেলাই থৈ গ’ল মহিলাগৰাকীক। ড্ৰাগছত আসক্ত হৈ ৰিহাবত ৩ মাহ ধৰি আছিল অভিযুক্ত ৰামানুজন। শনিবাৰে ভয়ংকৰ হুলস্থুলৰ শব্দ শুনা পাইছিল প্রতিবেশীয়ে। এপাত মোজাৰে চেপা দি বন্ধ কৰি গৈছিল ফ্লেটৰ দুৱাৰ। প্রতিবেশীৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে ৰিয়াৰ মৃতদেহ।
আজি অভিযুক্ত ৰামানুজন গোস্বামীৰ আত্মসমৰ্পণ। হাতীগাঁও থানাত আত্মসমৰ্পণ ৰামানুজন গোস্বামীৰ। আত্মসমৰ্পণৰ পাছতে অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ।
আৰক্ষীক এতিয়া বিস্ফোৰক স্বীকাৰোক্তি দিছে স্বামী ৰামানুজন গোস্বামী।

