Breaking

পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতিঃ ৬৩ৰো অধিক লোক নিহত…

0 15

ডুবাই, ওমানৰ পাছত এইবাৰ পাকিস্তানত ভয়ংকৰ বান পৰিস্থিতি। এই বিধ্বংসী বানত ৬৩ ৰো অধিক লোক নিহত।

বহু লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হৈছে। চাৰি দিন ধৰি পাকিস্তানত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতে লৈছে ভয়ংকৰ ৰূপ।

দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ কৰ্তৃপক্ষই জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়তে বিগত চাৰিদিনত সমগ্ৰ পাকিস্তানত বজ্ৰপাত আৰু প্ৰবল বৰষুণত বহু লোকৰ ক্ষয়-ক্ষতি হয়।

স্বাভাৱিক বৰষুণৰ ২৫৬ শতাংশতকৈও অধিক বৰষুণ পাকিস্তানৰ বেলুচিস্তানত। এই মাহত স্বাভাৱিকতকৈ ৬১ শতাংশ অধিক বৰষুণ হৈছে পাকিস্তানত।

Leave A Reply