Breaking

পিলিক চৌধুৰী আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত ধেমাজি চেম্পিয়ন

0 158

গুৱাহাটীৰ সোণাপুৰ ক্ৰীড়া সংস্হাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ১৪ বছৰ অনুৰ্ধ্বৰ পিলিক চৌধুৰী আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত ধেমজি জিলা দল প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছে ৷ আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত ধেমাজি৷জিলা দলে যোৰহাট জিলা দলক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ বিজয়ী দলটোৰ হৈ গল দুটা দিয়ে ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ দেৱজিৎছা স্বৰ্গীয়াৰীয়ে ৷ উল্লেখনী যে, এইবাৰ পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা দলৰ হৈ গোগামুখ নলবাৰী হাইস্কুলে প্ৰতিনিধিত্ব কৰিছিল আৰু ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক প্ৰশিক্ষক তথা গোগামুখ স্পৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক গেৰেম দৈমাৰী আৰু সহকাৰী প্ৰশিক্ষক হিচাপে আছিল ৰূপক বসুমতাৰী ৷ উল্লেখনীয় যে, ধেমাজি জিলা দৰ লগত মুখমুখি হোৱা কোনো এটা দলে প্ৰতিযোগিতাখনত ধেমাজি জিলা দলক এটাও গল দিব নোৱাৰিলে ৷ বিজয়ী ধেমাজি জিলা দলটোক ধেমাজি৷জিলা ক্ৰীড়া সংস্হাৰ সভাপতি তথা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সম্পাদক যতীন বুঢ়াগোঁহায়ে ৷

Leave A Reply