পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে

পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে ৷ কাকপথাৰৰ যুৱকৰ বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু ৷ কাকপথাৰৰ ২ নং তেজী গাঁৱৰ ৰজনী মৰাণ আৰু সুৱন্তী মৰাণৰ পুত্ৰ আনন্দ মৰাণৰ (২২) চিন্ন-ভিন্ন মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ আনাকাপাল্লি জিলাৰ এছ ৰাইয়াভৰম নামৰ ঠাইৰ ৰেল লাইনত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে বহিঃৰাজ্যত কৰ্মৰত যুৱকজন নিজ গাঁৱৰ ঘৰৰ পৰা যোৱা ১৪ জুন তাৰিখ দেওবাৰে ওলাই গৈছিল৷ তিনিচুকীয়াৰ পৰা যুৱক জনে ১৫ তাৰিখে ৰেল যোগে যাত্ৰা আৰম্ভ কৰিছিল ৷ তাৰ পাছতে যুৱক জনৰ মৃতদেহ ১৭ জুন বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ ৰেল লাইনত চিন্ন-ভিন্ন অৱস্থাত উদ্ধাৰ কৰে ৷ ঘটনাৰ পাছতে আৰক্ষীয়ে যুৱক জনৰ মোবাইলসহ নথিপত্ৰ উদ্ধাৰ কৰি বেংগালুৰুত কৰ্মৰত জ্যোষ্ঠ ভগ্নীক খবৰ দিয়ে ৷

জ্যেষ্ঠ ভগ্নীয়ে ঘৰৰ পৰিয়ালৰ লোকক ভাতৃৰ এই শোকাৱহ ঘটনাৰ কথা অৱগত কৰে৷ খবৰৰ পাছতে যুৱক জনৰ বাসগৃহৰ লগতে গাঁওখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ ইতিমধ্যে পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে কাকপথাৰ আৰক্ষীক অৱগত কৰিছে ৷

পৰিয়ালৰ লগতে গাঁৱৰ একাংশ লোকে যুৱক জনক কোনো দূৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰাৰ লগতে একাংশই ৰেল দূৰ্ঘটনাৰ সন্দেহ কৰিছে ৷ ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লগতে গাঁৱৰ ৰাইজে উচিত তদন্তৰ বাবে আহ্বান জনোৱাৰ লগতে পৰিয়ালৰ লোকক ৰেল বিভাগ তথা অসম চৰকাৰলৈ উচিত ক্ষতিপূৰণৰ দাবী জনাইছে ৷ লগতে যুৱক জনৰ মৃতদেহ ঘৰলৈ উভতাই অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনলৈ অনুৰোধ জনাইছে ৷

Related Articles