অসমৰ বিদ্যুৎ গ্ৰাহকসকলৰ ওপৰত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বোজা জাপি দিয়াৰ প্ৰচেষ্টাক লৈ গভীৰ উদ্বেগ আৰু তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চাইছা (CYSA)-ৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই। এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, আনফালে নিবনুৱা সমস্যা আৰু সীমিত উপাৰ্জনেৰে জীৱন নিৰ্বাহ কৰিবলৈ সংগ্ৰাম কৰি থকা সাধাৰণ জনতাৰ ওপৰত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বোজা জাপি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য হ’ব নোৱাৰে। বিদ্যুৎ কোনো বিলাসী সামগ্ৰী নহয়, বৰঞ্চ ই প্ৰতিটো পৰিয়ালৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য প্ৰয়োজনীয় সেৱা। এনে অৱস্থাত বাৰে বাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ গ্ৰাহকক আৰ্থিক সংকটৰ মাজলৈ ঠেলি দিয়াৰ সিদ্ধান্তই জনসাধাৰণৰ জীৱন-জীৱিকাক অধিক জটিল কৰি তুলিব।
চাইছা (CYSA)ৰ সভাপতি কৌস্তভ কিশোৰ চুতীয়াই প্ৰশ্ন উত্থাপন কৰি কয় যে, APDCL-এ গ্ৰাহকৰ পৰা প্ৰতিমাহে বিদ্যুৎ বিল সংগ্ৰহ কৰাৰ পিছতো কিয় গ্ৰাহকসকলে নিৰৱচ্ছিন্ন আৰু সন্তোষজনক বিদ্যুৎ সেৱা লাভৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়? সঘনাই বিদ্যুৎ কৰ্তন, নিম্ন ভল্টেজ, গ্ৰাহকৰ বিভিন্ন অভিযোগ আৰু বিতৰণ ব্যৱস্থাৰ সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান নকৰাকৈ কেৱল মাচুল বৃদ্ধিৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়াটো কিমানদূৰ যুক্তিসংগত?
এটা কথা স্পষ্ট যে বিদ্যুৎ সেৱাৰ নামত সাধাৰণ জনতাই কেৱল অধিক ধন পৰিশোধ কৰিলেই নহ’ব, তাৰ বিপৰীতে উন্নত, নিৰৱচ্ছিন্ন আৰু গ্ৰাহক-অনুকূল সেৱা লাভ কৰাটোও নিশ্চিত হ’ব লাগিব। APDCL-এ নিজৰ পৰিচালন ব্যৱস্থাৰ স্বচ্ছতা, দায়বদ্ধতা আৰু সেৱাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে।
সেয়েহে চাইছা (CYSA)-ৰ তৰফৰ পৰা সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত নিম্নলিখিত দাবীসমূহ উত্থাপন কৰিছোঁ—
১. সাধাৰণ গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিব পৰা বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি প্ৰত্যাহাৰ কৰিব লাগে।
২. মাচুল বৃদ্ধিৰ আঁৰৰ কাৰণ, বিত্তীয় তথ্য আৰু সংশ্লিষ্ট সিদ্ধান্তৰ সম্পূৰ্ণ ব্যাখ্যা ৰাজহুৱা কৰিব লাগে।
৩. দৰিদ্ৰ, নিম্ন আয়ৰ পৰিয়াল, ছাত্ৰ-ছাত্ৰী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক বিদ্যুৎ মাচুলৰ ক্ষেত্ৰত বিশেষ সকাহ প্ৰদান কৰিব লাগে।
৪. গ্ৰাহকসকলক নিৰৱচ্ছিন্ন, উন্নত আৰু মানসম্পন্ন বিদ্যুৎ সেৱা প্ৰদান কৰাটো নিশ্চিত কৰিব লাগে।
৫. বিদ্যুৎ মাচুল নিৰ্ধাৰণৰ পূৰ্বে গ্ৰাহক আৰু জনসাধাৰণৰ মতামতক যথোচিত গুৰুত্ব দিব লাগে।

