পুৱতি নিশা উত্তৰ গুৱাহাটীৰ গৌৰিপুৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত তিনিজন

পুৱতি নিশা উত্তৰ গুৱাহাটীৰ গৌৰিপুৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰ বেগী ট্ৰাক আৰু স্কৰপিঅ’ৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাটোত মালিগাঁৱৰ তিনিজন লোক নিহত হয়।

তিনিও জন মালিগাঁৱৰ জনপ্ৰিয় লোক আছিল।

নিহতসকলৰ দুজন ঘটনাস্থলীত আনজন আমিনগাঁও পাটনা হাস্পতালত মৃত্যু হয়।

নিহতসকল মালিগাঁও গোশালাৰ কৰুণা বেজবৰুৱা, ৰঞ্জিত দে আৰু পাৰ্থ প্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে ।

নিহত আটাইকেইজন স্কৰপিঅ’ খনত আছিল ।

দুৰ্ঘটনাত পতিত ট্ৰাক খনৰ নম্বৰ হৈছে AS 01 DC 3141 আৰু স্কৰপিঅ’ খনৰ নম্বৰ হৈছে AS 01 GP 9940।

Related Articles