Breaking

পৃথিৱীৰ বাহিৰেও ইউৰেনাছৰ উপগ্ৰহতো সংৰক্ষিত হৈ আছে পানী! বিজ্ঞানীৰ দাবী

0 73

সৌৰজগতত পৃথিৱীৰ বাহিৰেও আন কোনো গ্ৰহত প্ৰাণী আছে নেকি? আছে নেকি পৃথিৱীত থকাৰ দৰে জীৱনদায়িনী পানী? এনেবোৰ প্ৰশ্নই বহু দিনৰে পৰা বিজ্ঞানীসকলৰ মনত দোলা দি আহিছে। শেহতীয়াকৈ ভয়েজাৰ অভিযানে এইক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য কঢ়িয়াই লৈ আহিছে।

নতুন কম্পিউটাৰ মডেলিঙৰ সৈতে সংযুক্ত তথ্যৰ বিশ্লেষণে প্ৰকাশ কৰিছে যে সৌৰজগতৰ প্ৰায় শেষ প্ৰান্ততো পানী আছে। সেই পানী ইউৰেনাছৰ চাৰিটা ডাঙৰ উপগ্ৰহত সংৰক্ষিত হৈ থকা বুলি বিজ্ঞানীসকল পতিয়ন গৈছে। সম্ভৱতঃ ইউৰেনাছৰ উপগ্ৰহৰ কেন্দ্ৰ আৰু বৰফৰ ভূত্বকৰ মাজত সাগৰ সদৃশ স্তৰ থাকিব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।

ইউৰেনাছৰ পাঁচটা ডাঙৰ উপগ্ৰহ ক্ৰমে এৰিয়েল, উম্ব্ৰিয়েল, টাইটানিয়া, অবেৰন আৰু মিৰাণ্ডাত এনে পানী সংৰক্ষিত হৈ থকাৰ বহু সবল প্ৰমাণ পোৱা গৈছে। উল্লেখ্য ইউৰেনাছৰ কমেও ২৭ টা উপগ্ৰহ আছে, যাৰ ভিতৰত টাইটানিয়া হৈছে আটাইতকৈ ডাঙৰ, যি ১, ৫৮০ কিলোমিটাৰ বহল।


নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ মুখ্য বিজ্ঞানী জুলি কাষ্টিলো-ৰোগেজে কয় যে ভয়েজাৰ-২ মহাকাশযানৰ তথ্য চালিজাৰি চাই ইউৰেনাছৰ উপগ্ৰহণত পানী থকাৰ কথাটো একপ্ৰকাৰ নিশ্চিত কৰা হৈছে। ভয়েজাৰ-২ মহাকাশযান খনে ১৯৮০ ৰ দশকত ইউৰেনাছৰ চাৰিওফালে উৰিছিল আৰু তাৰ পিছত নাছাৰ গেলিলিঅ, কেচিনি, ডন আৰু নিউ হৰাইজনছেও এই বিষয়ে তথ্য দিয়া বুলি তেওঁ কয়।

Leave A Reply