প্ৰখ্যাত সংগীত শিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

প্ৰতিষ্ঠিত কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান।

৮৯ বছৰ বয়সত দেহাৱসান কণ্ঠশিল্পীগৰাকীৰ।

মুম্বাইৰ বাসগৃহত মৃত্যু সুমন কল্যাণপুৰৰ।

অসমীয়া, বাঙালী, মাৰাঠী, কানাড়া, ওৰিয়াকে ধৰি বহু ভাষাৰ গীতত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰে।

বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰে।

পোষ্টটোত লিখে, ‘সুৰৰ পৃথিৱীত আজিৰে পৰা নামি আহিল আৰু এক নীৰৱতা৷ দেশৰ প্ৰখ্যাত সংগীত শিল্পী সুমন কল্যাণপুৰ ডাঙৰীয়ানীৰ প্ৰয়াণৰ বাতৰি কিছু মুহূৰ্ত পূৰ্বে জানিব পাৰি অতি ব্যথিত হ’লোঁ৷ অন্যান্য ভাৰতীয় ভাষাৰ লগতে তেখেতৰ মধুৰ কণ্ঠই অসমীয়া গীতৰ ভঁৰালকো সমৃদ্ধ কৰিছিল। তেখেতৰ সুৰীয়া কণ্ঠত গোৱা বহু অসমীয়া গীত আজিও সংগীতপ্ৰেমীৰ হৃদয়ত জীয়াই আছে। এগৰাকী অসাধাৰণ প্ৰতিভাৰ অধিকাৰী শিল্পী সুমন কল্যাণপুৰ ডাঙৰীয়ানীৰ কালজয়ী গীতৰ মাজেৰে চিৰদিন আমাৰ মাজত জীয়াই থাকিব। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জনালোঁ৷’

Related Articles