প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ বিয়োগত দল-সংগঠনৰ শোক ৰাজ্যৰ প্রাক্তন শিক্ষামন্ত্রী তথা প্রাক্তন বিধায়ক যতীন মালিৰ আজি দেহাৱসান ঘটে । উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ মৃত্যু হয় যতীন মালিৰ। ৰাজ্যৰ প্রাক্তন শিক্ষামন্ত্রী তথা প্রাক্তন বিধায়ক যতীন মালিৰ আজি দেহাৱসান ঘটে ।
উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ মৃত্যু হয় যতীন মালিৰ। গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন আছিল ৰাজ্যৰ প্রাক্তন শিক্ষামন্ত্রীগৰাকী। ইপিনে ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, পলাশবাৰী সমষ্টিৰ ৪বাৰৰ বিধায়ক তথা এসময়ৰ উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী ছাত্ৰ নেতা যতীন মালীৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে। লগতে প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ বিয়োগত দল-সংগঠনসমূহে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে । এক শোক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ বহুবাকৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় “এটা যুগৰ অৱসান ঘটিল। অসম বিধান সভাৰ শক্তিশালী কন্ঠ আছিল। আজীৱন আঞ্চলিকতাবাদত বিশ্বাসী আছিল।” আনৰপালে, প্ৰাক্তন মন্ত্ৰী যতীন মালীৰ বিয়োগত অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী কিশোৰ কুমাৰ জৈন, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ড০ লক্ষ্মীন্দ্ৰ সিংহ, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ড০ অসমী গগৈ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি,অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভটাাচাৰ্য, অসম শিশু সাহিত্য সমাজৰ সভাপতি প্ৰদীপ নাৰায়ণ ভট্ট, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস,পৰাগজ্যোতি প্ৰকাশন, বিশিষ্ট চিন্তাবিদ বাসুদেৱ মালী, বঙৰাৰ জ্যেষ্ঠ শিক্ষাবিদ গৌৰীকান্ত নাথ আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে । বাতৰিটো লিখি দিয়ক

