Breaking

পৰিবেশ ৰক্ষাৰ বাবে নহয় ,পৰিবেশ ধ্বংসৰ বাবেহে গীনিজ অভিলেখ চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনঃ আপ

0 52

পৰিবেশ ৰক্ষাৰ বাবে নাইবা বনাঞ্চল বৃদ্ধিৰ বাবে নহয় ,কেৱল মাথোঁ গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে আছিল চৰকাৰৰ ‘ অমৃত বৃক্ষ আন্দোলন ‘ – এই মন্তব্য আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ। বুধবাৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত চৰকাৰৰ ‘ অমৃত বৃক্ষ আন্দোলন ‘ ৰ প্ৰকৃত স্বৰূপ উদঙাই আপৰ উপ সভাপতি জিতুল ডেকাই কয় যে – বৃহৎ বৃক্ষৰোপন অভিযান পৰিবেশ আৰু বন বিভাগৰ উল্লেখনীয় সাফল্য বুলি প্ৰচাৰ চলাই আজি চৰকাৰে আনুষ্ঠানিক ভাবে ৯টা শাখাত বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ গিনিজ কতৃপক্ষৰ পৰা গ্ৰহণ কৰা অনুষ্ঠান আয়োজন কৰিছে।

চৰকাৰে এই প্ৰমাণ পত্ৰ লব বিচৰা ৯ টা অভিলেখৰ অন্যতম এটা হল – যোৱা ১৫ ছেপ্তেম্বৰত ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনত অভয়পুৰত এঘণ্টাত তিনি লাখ একত্ৰিশ হাজাৰ ন’শ উনত্ৰিশ টা গছপুলি ৰোপণ কৰি কৰা অভিলেখ। গছপুলি ৰোপণ কৰা দুমাহ উকলি যোৱাৰ পিছত চৰকাৰৰ এই অভিলেখ সন্দৰ্ভত আপ অসমৰ ডিব্ৰুগড় জিলাৰ সভাপতি দ্বিজেন গগৈ আৰু নাহৰকটিয়া সমষ্টি সমিতিৰ সম্পাদক সুব্ৰত ভূঞাৰ নেতৃত্বত এটি দলে সেই স্থান পৰিদৰ্শন কৰি যি তথ্য প্ৰদান কৰিলে সেয়া ছবিয়ে হতবাক কৰি তুলিব অসমৰ ৰাইজক।

সংবাদ মেলত আপ নেতা জিতুল ডেকাই চৰকাৰে ডিব্ৰুগড়ৰ অভয়পুৰত বৃক্ষৰোপন কৰা স্থানৰ বৰ্তমানৰ ছবি দাঙি দেখুৱাই কয় যে – সেই স্থানত ৰোপন কৰা ৯০ শতাংশ গছপুলিয়ে এতিয়া মৰি গৈছে। কেৱল শুকান গছপুলি আৰু বাঁহৰ কামিৰে ভৰি আছে অভিলেখ সৃষ্টি কৰা অঞ্চল।

এই কথাই প্ৰমাণ কৰিছে যে চৰকাৰৰ উদ্দেশ্য কেৱল গীনিজ ৰেকৰ্ড কৰা, পৰিবেশ ৰক্ষা কৰা নহয়। কাকতত বিজ্ঞাপন দি এনে অভিলেখৰ বাবে প্ৰমাণ পত্ৰ দিবলৈ লাজ পাব লাগে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু চৰকাৰৰ বন বিভাগে। অমৃত বৃক্ষ আন্দোলনেৰে বিশ্ব অভিলেখ কৰা বুলি গৌৰৱ কৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যোৱা দুমাহৰ আগতে ৰোপন কৰা গছ পুলি সমূহ বৰ্তমান কি অৱস্থাত আছে বন বিভাগক সুধিছেনে? যিহেতু চৰকাৰক কেৱল গীনিজ ৰেকৰ্ড কৰা প্ৰমাণ পত্ৰ লাগে, সেয়ে লাখ লাখ গছপুলি ৰোপন কৰি গছপুলি সমূহ মাৰি পেলোৱা ৰেকৰ্ডৰ বাবেও গীনিজ কতৃপক্ষক আবেদন জনাব পাৰে।

তেতিয়া চৰকাৰৰ ৰেকৰ্ডৰ সংখ্যা আৰু এটা বৃদ্ধি হব। বন আৰু পৰিবেশ ৰক্ষাৰ নামত চৰকাৰৰ এনে আন্তৰিকতাহীন কাৰ্যক ধিক্কাৰ দিছে আপ , অসমে । সংবাদ মেলত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আমিৰ হুছেইনও উপস্থিত থাকে।

Leave A Reply