ফোনত ‘মুখ্যমন্ত্ৰী’ৰ মাত! প্ৰতিশ্ৰুতিৰে কোটি টকাৰ লুণ্ঠনৰ অভিযোগ ACS দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে

ফোনত ‘মুখ্যমন্ত্ৰী’ৰ মাত! প্ৰতিশ্ৰুতিৰে কোটি টকাৰ লুণ্ঠনৰ অভিযোগ ACS দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে

 গ্ৰেপ্তাৰৰ পাছতে এটাৰ পিছত এটাকৈ বিস্ফোৰক অভিযোগ পোহৰলৈ আহিছে ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে। ঠিকা, চাকৰি, বদলিকৰণ আৰু সুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে বিভিন্ন লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে বিষয়াগৰাকীৰ বিৰুদ্ধে। কেৱল ধন সংগ্ৰহতেই সীমাবদ্ধ নাছিল নেকি তেওঁৰ ‘প্ৰৱঞ্চনাৰ ষ্টাইল’? তদন্তত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ অভিযোগ—বিভিন্ন লোকক ফোন কৰি উচ্চপদস্থ ৰাজনৈতিক নেতা আৰু বিষয়াৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ।

অভিযোগ অনুসৰি, ক্ষমতাৰ প্ৰভাৱ ব্যৱহাৰ কৰি বিভিন্ন কাম কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে কোনো লোকৰ পৰা ৫০ লাখ টকা, আন কোনো লোকৰ পৰা কোটি টকা পৰ্যন্ত ধন বিচৰা হৈছিল। ৰাজনীতিবিদ ৰমেন বৰঠাকুৰৰ পৰা ৫০ কোটি টকাৰ ঠিকা দিয়াৰ প্ৰতিশ্ৰুতি দি ২.৫০ কোটি টকা কমিচন বিচৰাৰ অভিযোগো উত্থাপন হৈছে।

এই ধনৰ আগধন হিচাপে ৫০ লাখ টকাৰ ভিতৰত ১০ লাখ টকা অনলাইনযোগে লোৱা হৈছিল বুলি তদন্তত তথ্য পোহৰলৈ অহাৰ কথা জানিব পৰা গৈছে।

ইয়াৰ উপৰি, ২০২২ চনত এগৰাকী যুৱকক বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ৫০ লাখ টকা লোৱাৰ অভিযোগো উত্থাপন হৈছে। এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক এবছৰৰ দৰমহা আদায় নিদিয়া আৰু এগৰাকী চিকিৎসকৰ পৰা ১৪ লাখ টকা লোৱাৰ অভিযোগো তদন্তৰ আওতালৈ আহিছে।

আনহাতে, নিজৰ চৰকাৰী বাংলো মেৰামতি কৰা ঠিকাদাৰকো ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন হৈছে বিষয়াগৰাকীৰ বিৰুদ্ধে।

‘মুখ্যমন্ত্ৰী’ৰ মাত নকল কৰি প্ৰৱঞ্চনাৰ অভিযোগ

দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিতৰত আটাইতকৈ চাঞ্চল্যকৰ অভিযোগটো হৈছে কণ্ঠ নকল কৰি প্ৰৱঞ্চনা কৰাৰ। অভিযোগ অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য সচিবৰ কণ্ঠ নকল কৰি বিভিন্ন লোকৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল দেৱেশ্বৰে।

ইয়াৰ বাবে এটা বিশেষ দল নিয়োগ কৰাৰো অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা তদন্তৰ পিছতহে স্পষ্ট হ’ব।

১৪/২৬ নম্বৰত গোচৰ

একাধিক ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে ১৪/২৬ নম্বৰত গোচৰ ৰুজু কৰিছে। তদন্তকাৰী সংস্থাৰ তথ্য অনুসৰি, ২০১১ চনৰ পৰা সংঘটিত হোৱা বুলি অভিযোগ কৰা ঘটনাসমূহৰ ক্ষেত্ৰত সংশ্লিষ্ট সময়ৰ আইনগত বিধান অনুসৰি পূৰ্বৰ IPCৰ ধাৰাও প্ৰয়োগ কৰা হৈছে।

প্ৰৱঞ্চনা আৰু দুৰ্নীতিৰ অভিযোগৰ সমান্তৰালভাৱে দেৱেশ্বৰ বৰাৰ আয়-বহিৰ্ভূত সম্পত্তিৰ বিষয়টোও তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। অভিযোগ অনুসৰি, একাধিক সম্পত্তি নিজৰ ভাতৃৰ নামত ৰখাৰ চেষ্টা কৰিছিল বিষয়াগৰাকীয়ে। ইতিমধ্যে তদন্তকাৰী সংস্থাই তেওঁৰ ভাতৃৰ ভাষ্যও সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে।

অৰুণাচলতো গোচৰ

ইফালে, অৰুণাচল প্ৰদেশতো দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হোৱাৰ তথ্য পোহৰলৈ আহিছে। এটা প্ৰতিষ্ঠানক ঠিকা দিয়াৰ নামত ৩ শতাংশ কমিচন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।

মুখ্যমন্ত্ৰী তদাৰকী কোষে কালি ধেমাজিত থকা নিজ কাৰ্যালয়ৰ পৰা ACS দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পাছত নিশাই তেওঁক গুৱাহাটীলৈ লৈ অহা হয়।

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ, ঠিকা দিয়াৰ নামত কমিচন, বদলিকৰণৰ নামত ধন লোৱা আৰু কণ্ঠ নকল কৰি বিভিন্ন লোকক প্ৰৱঞ্চনা কৰাৰ অভিযোগে এতিয়া তদন্তকাৰী সংস্থাৰ সন্মুখত সৃষ্টি কৰিছে বহু প্ৰশ্ন। এই অভিযোগসমূহৰ আঁৰত আৰু কিমান তথ্য লুকাই আছে, তদন্ত আগবঢ়াৰ লগে লগে সেয়া পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Related Articles