বকোত এন পি পিৰ নিৰ্বাচনী কাৰ্যালয় মুকলিঃ উপস্থিত ৰাষ্ট্ৰীয় উপ-সভাপতি, মেঘালয়ৰ মন্ত্ৰী

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতাও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

বুধবাৰে এন পি পি দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা মণিপুৰ ৰাজ্যৰ প্ৰাক্তন বিধায়ক ইৰেংবাম হেমচন্দ্ৰ সিং, মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী দপ্তৰৰ মন্ত্ৰী মাৰকিউচ এন মাৰাকে বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী জি বি চাংমাৰ হৈ দিনযোৰা কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে গধূলি বকোৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এন পি পি দলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় মুকলি কৰে।

কাৰ্যালয় মুকলি অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত হেম’চন্দ্ৰ সিংয়ে ৰাইজৰ এন পি পি দলৰ প্ৰতি থকা আকৰ্ষণ দেখি অভিভূত হৈ পৰা বুলি মন্তব্য কৰাৰ লগতে এন পি পি দলৰ সদস্য সকলক অধিক কষ্ট কৰাৰ বাবে আহ্বান জনাই।

Related Articles