Breaking

বকোত এৰি মূগাৰ সূতা কটা ৫ দিনীয়া প্ৰশিক্ষণৰ কৰ্মশালা সম্পন্ন।

0 79

কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ উদ্যোগত আৰু জ্ঞান- বিজ্ঞান সমিতি কামৰূপ জিলাৰ সহযোগত বকো উন্নয়ণ খণ্ডৰ তত্বাৱধানত বকোত আয়োজন কৰা হৈছিল মূগা এৰিৰ সূতা কটা প্ৰশিক্ষণ কৰ্মশালা। প্ৰাপ্ত তথ্য অনুসৰি ; সোণালিকা কোম্পানীৰ মেচিনৰ দ্বাৰা এৰি মূগাৰ সুতা কটা প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় বকোৰ গ্ৰাম্য জীৱিকা অভিযানৰ কাৰ্যালয়ত। জ্ঞান -বিজ্ঞান সমিতি কামৰূপ জিলাৰ সভাপতি মুনিন্দ্ৰ দাসে জনোৱা মতে ; যোৱা ১৫ ফেব্ৰুৱাৰীত শুভাৰম্ভ হোৱা এৰি মূগাৰ সুতা কটা প্ৰশিক্ষণ কৰ্মশালাখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকো উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অৰ্ণৱ বৰুৱাই। বকো অঞ্চলৰ প্ৰায় বিশ গৰাকী হস্ত তাত শিল্পৰ লগত জড়িত মহিলাক প্ৰশিক্ষণ দিয়া হয়। ৫ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ খানাপাৰাস্থিত কাৰ্য্যালয়ৰ বিজ্ঞানী ড: ডি জয়ন্ত ঘোষ আৰু ড: ৰাজীৱ মুঞ্চিয়ে। ইফালে প্ৰশিক্ষণ কৰ্মশালা উপস্থিত থাকি উৎসাহ উদ্দীপনা প্ৰদান কৰে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস ; বকোৰ বিশিষ্ট শিক্ষাবিদ ড : গণেশ্বৰ চহৰীয়া ; বি পি এম বন্তি শিখা হাজৰিকা ; ৰেচম বোৰ্ডৰ প্ৰশিক্ষক দীপালী ৰাভাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি। প্ৰশিক্ষাৰ্থী সকলক এৰি মূগাৰ সুতা কটা উপৰিও এনে কাৰ্য্যৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বী হ’ব পৰা কৌশল আৰু চৰকাৰী সুবিধাৰ ওপৰত আলোকপাত কৰে। ইফালে যোৱা ১৯ ফেব্ৰুৱাৰীত উক্ত প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি পৰে। সামৰণিৰ দিনা প্ৰশিক্ষাৰ্থী সকলোক প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান কৰা হয় ।

Leave A Reply