বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰাৰ নিকটৱৰ্তী পাল্লীৰতল জাতীয় বিদ্যালয়ত শুকুৰবাৰে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ হঠাতে বিদ্যালয়খনত অসুস্থ হৈ পৰে ১২ গৰাকী শিক্ষাৰ্থী আৰু ৪ গৰাকী শিক্ষক- শিক্ষয়িত্ৰীসহ ১৬ গৰাকী লোক ৷ সকলোৱে শ্বাস-প্ৰশ্বাসজনিত আৰু মূৰ ঘূৰোৱা আদি সমস্যাত আক্ৰান্ত হয় ৷ পিছত আটাইকে চলন্তাপাৰাস্থিত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি শিক্ষাৰ্থীসহ আটাইকেইজন সুস্থ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ শিক্ষক এগৰাকীয়ে জানিবলৈ দিয়া মতে পুৱাৰ প্ৰাৰ্থনাৰ পিছতে শ্ৰেণীসমূহৰ প্ৰথমটো বিষয়ৰ পাঠদান আৰম্ভ হৈছিল আৰু শেষ হ’বৰ সময়তে বিদ্যালয় চৌহদৰ লগতে শ্ৰেণী কোঠাত ধোঁৱাৰ বাবে অসুস্থ হৈ পৰে কেইবাগৰাকী শিক্ষাৰ্থী ৷ বিদ্যালয়খনৰ কাষৰ লোকে জাৱৰ- জোথৰ আদিত জুই লগাই দিয়াৰ ফলত তাৰ পৰা নিৰ্গত ধোঁৱা সেৱন কৰাৰ ফলত প্ৰথমে তিনিগৰাকী শিক্ষাৰ্থী শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হয় যদিও পিছলৈ ক্ৰামাৎ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৷ আনকি শিক্ষাৰ্থীৰ লগতে শিক্ষক- শিক্ষয়িত্ৰীও একেই সমস্যাত আক্ৰান্ত হয় ৷
পিছত ততাতৈয়াকৈ আক্ৰান্তসকলক প্ৰথমে চলন্তাপাৰাস্থিত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে আক্ৰান্তসকলক বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ বৰ্তমান সকলো সুস্থ বুলিও শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ সেইদৰে এগৰাকী ছাত্ৰীয়ে কয় যে বিদ্যালয়ৰ ওচৰতে থকা লোকৰ ঘৰত কিবা জাৱৰ জোথৰত জুই লগাই দিয়াত ওলোৱা ধোঁৱা আহি শ্ৰেণী কোঠাত সোমোৱাত আমাৰ মূৰ ঘূৰায় আৰু উশাহ লোৱাত অসুবিধা হয় ৷ প্ৰথমে মূৰত পানী ঢালে আৰু পিছত চিকিৎসালয়ত ভৰ্তি কৰে৷ উল্লেখ্য যে অসুস্থসকলৰ ভিতৰত ছাত্ৰীৰ সংখ্যা বেছি ৷ ইপিনে জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই বিষয়টোক গুৰুত্বসহকাৰে লৈ কয় যে কি কাৰণত এনেৰুৱা ঘটনা সংঘটিত হ’ল তাৰ বিষয়ে আমি অনুসন্ধান কৰি আছো ৷
উল্লেখ্য যে এই ঘটনা সংঘটিত হোৱাৰ পিছত জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়া আৰু জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসহ জিলা প্ৰশাসনৰ বিষয়াই বিদ্যালয়খনত উপস্থিত হৈ বিষয়টোৰ বুজ লয় ৷ লগতে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীনসকলৰ স্বাস্থ্যৰো বুজ লয় ৷ ইপিনে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য চিকিৎসা বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে দিনৰ প্ৰায় ১ মান বজাত শিক্ষাৰ্থী আৰু শিক্ষকসহ ১৬ গৰাকী লোক শ্বাস – প্ৰশ্বাসজনিত অস্বস্তি আৰু বমি ভাৱৰ সমস্যাৰ বাবে চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ লগে লগে চিকিৎসকে সকলোকে পৰীক্ষা কৰি প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে ৷ বৰ্তমান তেওঁলোক সুস্থ আৰু বিপদমুক্ত ৷ কিন্তু পৰ্যৱেক্ষণৰ বাবে তেওঁলোকক ২৪ ঘণ্টাৰ বাবে হাস্পাতালত ৰখা হ’ব বুলিও জানিবলৈ দিয়ে ৷ উল্লেখ্য যে জাৱৰ – জোথৰ জ্বলাই দিয়াৰ ফলত তাৰ পৰা ওলোৱা বিষাক্ত ধোঁৱা সেৱন কৰাৰ ফলতে শিক্ষাৰ্থী আৰু শিক্ষক- শিক্ষয়িত্ৰীসকল অসুস্থ হৈ পৰে বুলি সন্দেহ কৰা হৈছে ৷

