Breaking

বদৰুদ্দিন আজমল অসমত থকাৰ অধিকাৰ নাই। বিধানয়ক ৰূপজ্যোতি কুৰ্মী।

0 53



দৈনন্দিন বাৰ্তা সেৱা মাজবাট ১৭ নৱেম্বৰ। আজমলক অসমৰ পৰা গুচি যাবলৈ আহ্বান মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ । ওদালগুৰি মাজবাটত বিজেপিৰ সাংগঠনিক সভাত অংশগ্ৰহন কৰি এইবাৰ সাংসদ আজমলৰ বিৰুদ্ধে সৰৱ ৰূপজ্যোতি কুৰ্মী । শেহতীয়াকৈ সাংসদ বদৰুদ্দিন আজমলে চেলেং চাদৰ দলিওৱাক লৈ বিতৰ্কত সোমাই পৰিছিল । অসমীয়াৰ স্বাভিমানৰ প্ৰতি বাৰম্বাৰ অপমান কৰা আজমলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ বিধায়ক গৰাকীক।আজমল অসমত থকাৰ অধিকাৰ নাই, দেশ এৰি গুচি যাবলৈ আজমলক আহ্বান কুৰ্মীৰ। সমান্তৰালকৈ বদৰুদ্দিন আজমলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক অনুৰোধ বিধায়ক গৰাকীৰ। ইফালে ধুবুৰীৰ ৰাইজকো আজমলক লোকসভালৈ নিৰ্বাচিত কৰাত এশ বাৰ চিন্তা কৰাৰ আহ্বান কুৰ্মীৰ ।শেহতীয়াকৈ বিটিআৰত বিজেপিৰ খহনীয়া সন্দৰ্ভতো মন্তব্য ৰূপজ্যোতি কুৰ্মী । দুই-চাৰিজন স্বাৰ্থলোভি কৰ্মী দ’ল ত্যাগ কৰি আন দললৈ গ’লেও কোনো ক্ষতি নহয় । শীঘ্ৰেই বিটিচিত বিপিএফ-কংগ্ৰেছৰ পৰা বৃহত সংখ্যকে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টীত ।আজিৰ কাৰ্য্যসূচীত বিধানয়ক গৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু কিষাণ,পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীৱন ডেকা, সম্পাদক অঞ্জন বৈদ্য, যুৱ মৰ্চাৰ সভাপতি শ্যামমুন পানিকা,ভি চি ডি চিৰ সভাপতি লাডু লোহাৰ আদিয়ে।

Leave A Reply